ETV Bharat / state

উত্তৰ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজন এবিধ দুঃসাহসিক ক্ৰীড়া

উত্তৰ গুৱাহাটীৰ বাকাত অচিৰেই এবিধ দুঃসাহসিক ক্ৰীড়া আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে কেইজনমান যুৱকে ৷ অসমৰ পৰ্যটন ক্ষেত্ৰখনত এই ক্ৰীড়াবিধ এক ব্যতিক্ৰমী সংযোজন হিচাপে পৰিগণিত হ'ব বুলি আশা ব্যক্ত কৰিছে যুৱক কেইজনে ৷

author img

By

Published : Jul 23, 2021, 10:42 PM IST

para-gliding-will-be-start-at-north-guwahati-very-soon
উত্তৰ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজন এবিধ দুঃসাহসিক ক্ৰীড়া

বাইহাটা চাৰিআলি, 23 জুলাই : শীঘ্ৰেই উত্তৰ গুৱাহাটীৰ পৰ্যটনৰ (North Guwahati Tourisim) ক্ষেত্ৰখনত সংযোজিত হ'ব এক দুঃসাহসিক ক্ৰীড়া ৷ এই দুঃসাহসিক ক্ৰীড়া বিধৰ জৰিয়তে পৰ্যটকক আকৰ্ষিত কৰাৰ চেষ্টাত ব্ৰতী হৈছে উত্তৰ গুৱাহাটীৰ বাকাবাসী ৷ কেবল উত্তৰ গুৱাহাটীৰে নহয় অসমৰ পৰ্যটনৰ ক্ষেত্ৰ খনতে হয়টো অচিৰে সংযোজন ঘটিব এই দুঃসাহসিক ক্ৰীড়া বিধ ৷ তাৰ বাবে এতিয়া উত্তৰ গুৱাহাটীৰ বাকাত চলি আছে দুঃসাহসিক ক্ৰীড়া বিধৰ অনেক পৰীক্ষা নিৰীক্ষা ৷

এই দুঃসাহসিক ক্ৰীড়া বিধ হৈছে পেৰা গ্লাইডিং ৷ বাকাৰ সু-উচ্চ পাহাৰৰ পৰা চলি আছে ইয়াৰ উৰণৰ পৰীক্ষা নিৰীক্ষা ৷ উদ্যমী যুৱক মনোজ কুমাৰ দাসৰ লগতে সহযোগী ভৰত চন্দ্ৰ দাস আৰু জুবেল আহমেদে সঘনাই আকাশত চলাই আছে উৰণৰ এই পৰীক্ষণ ৷ বাকাত পেৰাগ্লাইডিং পৰ্যটনস্থলী হৈ উঠিলে পৰ্যটকে বাকাৰ সু উচ্ছ পাহাৰৰ পৰা কোনো ধৰনৰ ইন্ধন ব্যৱহাৰ নকৰাকৈ আকাশত উৰি থাকি পৰ্যটকে উপভোগ কৰিব পাৰিব উত্তৰ গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চলৰ নৈসৰ্গিক দৃশ্য ।

যদিহে পৰ্যটন বিভাগে এই পেৰা গ্লাইডিঙৰ ক্ষেত্ৰত আগভাগ লয় তেন্তে বিশ্বৰ মানচিত্ৰত অসমৰ নাম পেৰা গ্লাইডিং পৰ্যটনৰ বাবে উল্লেখনীয় হৈ থাকিব বুলি মন্তব্য কৰিছে মনোজ কুমাৰ দাস নামৰ দুঃসাহসীক ক্ৰীড়াবিদ গৰাকীয়ে ৷

অচিৰেই এই ক্ৰীড়াবিধ আৰম্ভ কৰাৰ উদ্দেশ্যে বাকাৰ অগ্ৰণী যুৱক ৰাহুল মাৰাক, ফৰনাইট চাংমা, সুৰজ মাৰাক হতে দিনে নিশাই হাবি জংঘল পৰিস্কাৰকৰণৰ কাম কৰি আছে ৷ সৰু বাকাৰ সুউচ্চ পাহাৰৰ শিখৰলৈ যোৱাৰ পথ নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি পেৰাগ্লাইডিঙ কৰা সকলৰ লেণ্ডিঙৰ স্থলী নিৰ্বাচন কৰালৈ অন্তহীন কামৰ ব্যস্ততা এই যুৱক সকলৰ ৷ তেওঁলোকৰ আশা পৰ্যটন নিগমে পদক্ষেপ গ্ৰহণ কৰিলে বাকা অনন্য ৰূপত উজলি উঠিব ৷

লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ’ব প্ৰদ্যুৎ বৰদলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.