দক্ষিণ কামৰূপ,8 ছেপ্তেম্বৰঃ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে আকৰ্ষণীয় হৈ পৰিছে পলাশবাৰী সমষ্টিৰ ৰাজনীতি। কি মিত্ৰজোঁটৰ প্ৰাৰ্থী কি বিজেপিৰ দাবীদাৰ প্ৰাৰ্থী সকলোকে লাগে 2021ৰ নিৰ্বাচনী টিকট। ইতিমধ্যেই নিৰ্বাচনী প্ৰচাৰ চলাই আছে ছয়গাঁও সমষ্টিত 2 বাৰ কৈ মুখ ঠেকেছা খোৱা অগপৰ নেতা কমলা কলিতাই । নিৰ্বাচনী দিন চমু চাপি অহাৰ লগে-লগে ৰাইজৰ মাজলৈ ওলাই আহিছে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাও । তাৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগতে প্ৰকাশ কৰে পলাশবাৰী সমষ্টি বিজেপিৰ দখলত আছে আৰু বিজেপিৰ বিধায়ক প্ৰণৱ কলিতাই পুনৰ 2021 বৰ্ষৰ বিধান সভা নিৰ্বাচনত টিকট লাভ কৰাৰ পূৰ্ণ সম্ভৱনা আছে । যদিহে প্ৰণৱ কলিতাই নিৰ্বাচনী যুজঁ নিদিয়ে তেতিয়া হ’লে বিজেপিৰ যুৱ সক্ৰিয় নেতাই লাভ কৰিব টিকট ।
উল্লেখযোগ্য যে, ছয়গৰাকীকৈ বিজেপিৰ বিধায়কৰ লগত পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতাই কংগ্ৰেছ দলত যোগ দান দিয়াৰ চৰ্চা চলি থকাৰ সময়তে বিধায়ক কলিতাই মন্তব্য কৰে যে, কংগ্ৰেছত যোগদান দিয়াৰ প্ৰশ্ন নাই আৰু কংগ্ৰেছত যোগদান নিদিয়ে । বিধায়ক কলিতাই উল্লেখকৰে যে, অগপৰ নেতা কমলা কলিতাই পলাশবাৰী সমষ্টিত যি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলাই আছে সেই প্ৰচাৰত একমত নহয় সমষ্টিৰ বিজেপি কৰ্মী ।
আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে পুনৰ পলাশবাৰী সমষ্টিত স্থানীয় বিধায়ক প্ৰণৱ কলিতাক আগন্তুক নিৰ্বাচন পুনৰ টিকেট পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰাত জাঙুৰ খাই উঠিছে সমষ্টিৰ একাংশ লোক । চৰকাৰী আঁচনিয়ে ঢুকি নাপালে সমষ্টিবাসীক । মহমাৰী ক’ৰণা ভাইৰাছৰ সময়ছোৱাত লক্ ডাউন প্ৰক্ৰিয়া চলি থকা সময়তো প্ৰণৱ কলিতাই সমষ্টিবাসীৰ খবৰ লবলৈ আহৰি নাপালে বুলি একাংশ লোকে ক্ষোভ প্ৰকাশ কৰা দেখা যায়।
লগতে পঢ়কঃ যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল