ETV Bharat / state

মিৰ্জাত শীঘ্ৰেই উপলদ্ধ হ'ব তিনিটকীয়া চেনিটেৰী নেপকিন !

author img

By

Published : Nov 17, 2019, 10:54 PM IST

Updated : Nov 18, 2019, 1:34 PM IST

দক্ষিণ কামৰূপৰ এগৰাকী মহিলাই ঘৰতে স্থাপন কৰি লৈছে চেনিটেৰী নেপকিন প্ৰস্তুত কৰা এটি যন্ত্ৰ । প্ৰথম অৱস্থাত স্থানীয়ভাৱে বিক্ৰী কৰা হ'ব যদিও পিছত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হ'ব চেনিটেৰী নেপকিন ৷

তিনিটকীয়া চেনিটেৰী নেপকিন

দক্ষিণ কামৰূপ,17 নৱেম্বৰঃ দক্ষিণ কামৰূপৰ প্ৰীতি দাস নামৰ এগৰাকী মহিলাই ঘৰতে স্থাপন কৰি লৈছে চেনিটেৰী নেপকিন প্ৰস্তুত কৰা এটি যন্ত্ৰ । অঞ্চলটোৰ মহিলাসকলক কৰ্মসংস্থাপন আৰু কম মূল্যত পেড যোগান ধৰাৰ উদ্দেশ্যে মহিলাগৰাকীয়ে ঘৰতে এনেদৰে স্থাপন কৰিছে এই যন্ত্ৰটো । অঞ্চলটোৰ মহিলাসকলে যাতে স্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীৱন যাপন কৰিব পাৰে, তাৰ বাবে এই বিশেষ পদক্ষেপ হাতত লৈ মহিলাগৰাকীয়ে ৷ দক্ষিণ কামৰূপৰ মিৰ্জা জামৰতলত নিজ বাসগৃহতে স্থাপন কৰা এই যন্ত্ৰটোৰ দ্বাৰা ১মিনিটত ৪০টা পেড প্ৰস্তুত কৰি উলিয়াব পাৰি ৷ 'Always Be Lady 'নামেৰে বজাৰলৈ আহিবলগীয়া এই পেডৰ মূল্যও হ'ব অন্য কোম্পানীৰ পেডতকৈ যথেষ্ট কম মূল্যৰ । প্ৰায় ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কাৰখানাত মহিলাগৰাকীয়ে নিজে স্বাৱলম্বী হোৱাৰ লগতে অন্য মহিলাৰ বাবেও মুকলি কৰি দিছে কৰ্মসংস্থাপনৰ পথ । প্ৰথম অৱস্থাত স্থানীয়ভাৱে এই পেড বিক্ৰী কৰা হ'ব যদিও পিছত এই পেড ৰাজ্যৰ ভিন্ন প্ৰান্তত বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হ'ব ৷ লক্ষণীয়ভাৱে, মহিলাগৰাকীয়ে গ্ৰহণ কৰা এই পদক্ষেপক শলাগ জনায় বিভিন্নজনে ৷

Intro:দক্ষিণ কামৰূপত Padman নহয় ওলাইছে Padwomen । ঘৰতে স্থাপিত কৰিলে চেনিটাৰী নেপকিনৰ কাৰখানা ।

Body:Vo..অক্ষয় কুমাৰৰ 'পেডমেন' ছবিখন আপুনি নিশ্চয় চাইছে । কিন্তু এইবাৰ দক্ষিণ কামৰূপৰ মিৰ্জাত ওলাইছে Padwomen ! হয়,এগৰাকী মহিলাৰ উদ্যোগত দক্ষিণ কামৰূপত স্থাপিত হ'ল প্ৰথমটো চেনিটাৰী নেপকিনৰ কাৰখানা । এই গৰাকী মহিলাৰ নাম হৈছে প্ৰীতি দাস । প্ৰীতি দাস নামৰ মহিলা গৰাকীয়ে ঘৰতে বহুৱাই লৈছে চেনিটাৰী পেড প্ৰস্তুত কৰা এটি যন্ত্ৰ । অঞ্চলটোৰ মহিলাসকলক কৰ্মসংস্থাপন আৰু কম মূল্যত পেড যোগান ধৰাৰ উদ্দেশ্যে মহিলাগৰাকীয়ে ঘৰতে এনেদৰে বহুৱাই লৈছে এই যন্ত্ৰটো । অঞ্চলটোৰ মহিলাসকলে যাতে স্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীৱন যাপন কৰিব পাৰে, তাৰ বাবে এই বিশেষ পদক্ষেপ হাতত লৈ মহিলাগৰাকীয়ে ।

Bite1..মহিলা ।

দক্ষিণ কামৰূপৰ মিৰ্জা জামৰতলত নিজ বাসগৃহতে স্থাপন কৰা এই যন্ত্ৰটোৱে ১মিনিটিত ৪০টা পেড প্ৰস্তুত কৰি ওলিয়াৱ । Alaways Be Lady নামেৰে বজাৰলৈ আহিবলগীয়া এই পেডৰ মুল্যও হ'ব অন্য কোম্পানীৰ পেডতকৈ কিছু কম মূল্যৰ । প্ৰায় ৫লক্ষাধিক টকা ব্যায় সাপেক্ষে নিৰ্মান কৰা এই কাৰখানাত মহিলাগৰাকী নিজে স্বাৱলম্বী হোৱাৰ লগতে অন্য মহিলাকো দিব কৰ্মসংস্থাপন । প্ৰথম অৱস্থাত স্থানীয় দোকান-পোহাৰত উপলদ্ধ হ'ব এই পেড তাৰপিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ যোগান ধৰা হ'ব এই পেড । মহিলা গৰাকীয়ে হাতত লোৱা এই প্ৰচেষ্টাক বিভিন্ন জনেও সহযোগ জনায় ।

Bite2..সহযোগী ।
Conclusion:মহিলাগৰাকীয়ে হাতত লোৱা এই পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয় ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
Last Updated : Nov 18, 2019, 1:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.