ETV Bharat / state

JEE কেলেংকাৰী : পিতৃ -মাতৃৰ উচ্চাকাংক্ষা পূৰণ কৰিব বিচাৰিছিল নীল নক্ষত্ৰ দাসে - scam

একমাত্ৰ অভিভাৱকৰ ইচ্ছা পূৰণৰ স্বাৰ্থতে JEE পৰীক্ষা দিবলৈ মান্তি হৈছিল নীল নক্ষত্ৰ দাস ৷ প্ৰাপ্ত তথ্য অনুসৰি অভিযন্তা হোৱাৰ প্ৰতি অকণো আগ্ৰহ নাছিল নীলৰ ৷ কেৱল পৰীক্ষা কেন্দ্ৰত বহিবলৈ কৈ, বাকী সকলো পিতৃয়ে মেনেজ কৰি দিম বুলি কোৱাৰ পাচতহে পৰীক্ষাত বহিবলৈ মান্তি হৈছিল নীল ৷

JEE কেলেংকাৰী
JEE কেলেংকাৰী
author img

By

Published : Oct 29, 2020, 9:55 PM IST

আজাৰা, 29 অক্টোবৰ : ৰাজ্য তোলপাৰ লাগিছে JEE পৰীক্ষা কেলেংকাৰীক লৈ ৷ যাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুঠ ৫ জনকৈ লোকক ৷ এটা বিশেষ অডিঅ' ক্লিপত পোহৰলৈ আহিছিল এক বৃহৎ অনিয়মৰ তথ্য ৷ যোৱা ৫ ছেপ্তেম্বৰত মহানগৰীৰ বৰঝাৰস্থিত E-Com Tower ৰ ION Digital Zone ত অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় পৰ্যায়ৰ Joint Entrance Exam চমুকৈ JEE পৰীক্ষা ৷ পৰীক্ষাত কেনেদৰে টকাৰ বিনিময়ত নিজৰ স্থান সুৰক্ষিত কৰিলে সেই বিষয়ে চৰ্চা কৰা হৈছিল অডিঅ' ক্লিপটোত ৷ ক্লিপটো মিত্ৰদেৱ নামৰ এগৰাকী লোকৰ হাতত পৰাত তেওঁ কাষ চাপে আজাৰা আৰক্ষীৰ ৷ যি ক্লিপৰ ভিত্তিত আজাৰা আৰক্ষী থানাত 624/20 নম্বৰত এটি গোচৰ ৰুজু হৈছিল ৷

বৰঝাৰস্থিত E-Com Tower ৰ ION Digital Zone ত অনুষ্ঠিত হৈছিল JEE পৰীক্ষা

উল্লেখ্য যে, যোৱা 5 ছেপ্তেম্বৰত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত পৰীক্ষাত, পৰীক্ষা কেন্দ্ৰটোত প্ৰায় 10 মিনিট বহিয়েই গুচি আহিছিল নীল নক্ষত্ৰ দাস ৷ পিচে তেওঁৰ ঠাইত আন কোনো লোকে অন্য প্ৰান্তৰ পৰা দিছিল পৰীক্ষা ৷ যাৰ পৰিপ্ৰেক্ষিতত অসমৰ ভিতৰতে সৰ্বোচ্চ ৯৯.৮ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল নীল নক্ষত্ৰ দাসে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভে নীল নক্ষত্ৰ দাসে বিৱৰি কৈছিল এগৰাকী লোকক ৷ তাৰ পাচতেই পোহৰলৈ আহিছিল সমগ্ৰ তথ্য ৷

JEE পৰীক্ষা কেলেংকাৰীত অভিযুক্ত মুঠ ৫ জনকৈ লোকক গ্ৰেপ্তাৰ

JEE পৰীক্ষাৰ বিসংগতিৰ বিষয়ে তদন্ত চলাই আছিল মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷ সেই তদন্ত প্ৰক্ৰিয়াৰ ভিত্তিতে বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় ড৹ জ্যোৰ্তিময় দাস, নীল নক্ষত্ৰ দাস, হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠকক ৷ যাৰ ভিতৰত ড৹ জ্যোৰ্তিময় দাস হৈছে নীল নক্ষত্ৰ দাসৰ পিতৃ আৰু হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা, হিৰুকমল পাঠক হৈছে ION Digital Zone ৰ কৰ্মচাৰী ৷ এইকেইজন কৰ্মচাৰীৰ দ্বাৰাই ১০ হাজাৰ টকাৰ বিনিময়ত পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই অনা হৈছিল নীল নক্ষত্ৰ দাসক ৷ কিন্তু বৰ্তমানেও আৰক্ষীৰ জালত পৰা নাই ১৫ লাখ টকাৰ বিনিময়ত পৰীক্ষা জালিয়াতি কৰা মূল খলনায়ক জন ৷

পিতৃ-মাতৃৰ ইচ্ছা পুৰন কৰিব বিচাৰিছিল নীল নক্ষত্ৰ দাসে
পিতৃ-মাতৃৰ ইচ্ছা পূৰণ কৰিব বিচাৰিছিল নীল নক্ষত্ৰ দাসে

এতিয়া আহো নীল নক্ষত্ৰ দাসৰ প্ৰসংগলৈ ৷ প্ৰাপ্ত তথ্য অনুসৰি, অভিযন্তা হোৱাৰ মন নাছিল নীল নক্ষত্ৰ দাসৰ ৷ কেৱল পিতৃ-মাতৃৰ বাবেহে অভিযন্তা হোৱাৰ পথ বাছি লৈছিল নীল নক্ষত্ৰই ৷ নীল নক্ষত্ৰ দাসৰ পিতৃ জ্যোৰ্তিময় দাস আৰু মাতৃ উভয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনৰ চিকিৎসক ৷ নীল নক্ষত্ৰ দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০ শতাংশ নম্বৰ লাভ কৰে আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৮৫ শতাংশ নম্বৰ লাভ কৰিছিল ৷ কিন্তু বিজ্ঞানৰ প্ৰতিও অকণো ধাউতি নাছিল নীলৰ ৷ নীলৰ সপোন আছিল কলা শাখাত অধ্যয়ন কৰাৰ ৷ কিন্তু চিকিৎসক পিতৃ-মাতৃৰ হেঁচাত নীলে বিজ্ঞান শাখাত অধ্যয়ন কৰিবলগীয়া হৈছিল ৷ কোনো কাৰণতে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা নাছিল নীল ৷ লগতে JEE পৰীক্ষাৰ বাবেও আগ্ৰহী নাছিল তেওঁ ৷ পৰীক্ষা নিদিও বুলি কোৱাত পিতৃয়ে নীলক কেৱল পৰীক্ষা কেন্দ্ৰত বহিবলৈ কৈ, বাকী সকলো পিতৃয়ে মেনেজ কৰি দিম বুলি কৈছিল ৷ একমাত্ৰ পিতৃৰ ইচ্ছাৰ বাবে নিজৰ ভৱিষ্যৎ অন্ধকাৰত থ'বলৈ বাধ্য হ'ল নীল নক্ষত্ৰ দাস ৷ অমায়িক স্বভাৱৰ নীল নক্ষত্ৰ দাসক আৰক্ষীৰ জেৰাত থকাৰ সময়ত আৰক্ষীয়ে কিবা খাব নে বুলি সোধাত নীলে "চিকেন ৰোল" খাম বুলিও কৈছিল ৷ একমাত্ৰ অভিভাৱকৰ বাবেই যেন এতিয়া ৰঙাঘৰৰ আলহী হ'ল নীল নক্ষত্ৰ দাস ।

একমাত্ৰ অভিভাৱকৰ বাবেই যেন এতিয়া ৰঙাঘৰৰ আলহী হ'ল নীল নক্ষত্ৰ দাস

লগতে পঢ়ক: JEE পৰীক্ষা কেলেংকাৰীৰ 5 অভিযুক্তক আদালতত হাজিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.