ৰঙিয়া, 16 নৱেম্বৰঃ ৰাজ্যত এতিয়াও অব্যাহত আছে কৃষি ক্ষেত্ৰত ব্যৱহাৰ হোৱা সাৰৰ ছিণ্ডিকেট ৷ যাৰ ফলস্বৰূপে সাৰৰ অত্যধিক দামে বাৰুকৈয়ে চিন্ততিত কৰি তুলিছে সাধাৰণ কৃষিজীৱি ৰাইজক ৷
ৰঙিয়াৰ ৰাইজে নগৰৰ সমীপতে থকা দুখনকৈ সাৰৰ বিপনী ডাইমণ্ড নাৰ্চাৰী আৰু ভাৰত কৃষি বীজ ভাণ্ডাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে বৃহৎ ছিণ্ডিকেট চলোৱাৰ অভিযোগ । ৰাইজৰ অভিযোগ অনুসৰি ইউৰিয়া সাৰৰ বজাৰ মূল্যতকৈ দুগুণ অথবা তিনিগুণ মূল্য নিৰ্ধাৰণ কৰি দৰিদ্ৰ কৃষকক বিক্ৰী কৰি আহিছে দুয়োখন বিপনীয়ে । তদুপৰি কৃষি বীজ ভাণ্ডাৰ দুখনে কৃষি বিভাগ আৰু প্ৰশাসনৰ চকুৰ সন্মুখতে সাৰৰ ছিণ্ডিকেট বঢ়োৱাই লুণ্ঠন চলাই আহিছে বুলিও মন্তব্য প্ৰকাশ কৰিছে স্থানীয় লোকে ।
![over rate fertilizer](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-rangia-16nov-801-to-809-photobitevis-fertilizer-cindicate-bandana-sarma-asc10045_16112020120633_1611f_1605508593_569.jpg)
উল্লখ্য যে, ৪৫ কেজিৰ এক বস্তা ইউৰিয়া সাৰৰ বজাৰ মূল্য ২৬৬ টকা ৷ কিন্তু ৰঙিয়াৰ ডাইমণ্ড নাৰ্চাৰী আৰু ভাৰত কৃষি বীজ ভাণ্ডাৰে সাৰৰ এখন ক'লা বজাৰ খুলি নিজ ইচ্ছামতে দাম লৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে কেইবাজনো ক্ষুদ্ৰ কৃষকে ৷
সমান্তৰালভাৱে দীৰ্ঘদিনীয়া লকডাউনে জুৰুলা কৰা খেতিয়ক সকলে অত্যধিক মূল্যত ইউৰিয়া সাৰ ক্ৰয় কৰিব লগা হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত প্ৰশাসন আৰু কৃষি বিভাগৰ হস্তক্ষেপ বিচাৰি দৰিদ্ৰ খেতিয়কক লুণ্ঠন চলোৱা ডাইমণ্ড নাৰ্চাৰী আৰু ভাৰত কৃষি বীজ ভাণ্ডাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰঙিয়াৰ আছু সমিতিয়ে ।
লগতে পঢ়কঃজম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত অনুৰাগ ঠাকুৰ