ETV Bharat / state

নমুনা সংগ্ৰহ অবিহনে হোম আইচ'লেচনত থকাৰ নিৰ্দেশ ৰঙিয়াত - ক'ভিড টেষ্ট

ৰঙিয়া তুলসীবাৰীৰ বীৰেণ কলিতা নামৰ লোকজনক স্বাস্থ্য বিভাগে পঠোৱা এটা বাৰ্তাই সৃষ্টি কৰিছে আতংকৰ ৷ ক'ভিড টেষ্টৰ বাবে কোনো নমুনা সংগ্ৰহ নকৰাকৈ লোকজনক হোম আইচ'লেচনত থকাৰ নিৰ্দেশ প্ৰেৰণৰ পাচতে পোহৰলৈ আহিছে বিভাগটোৰ কৰ্মচাৰীৰ গাফিলতি ৷

Order to stay in home isolation in rangia without collecting samples
নমুনা সংগ্ৰহ নকৰাকৈ লোকক হোম আইচ'লেচনত থকাৰ নিৰ্দেশ ৰঙিয়াত
author img

By

Published : May 17, 2021, 12:46 PM IST

ৰঙিয়া,17 মে': ৰঙিয়াত স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড ৷ নমুনা সংগ্ৰহ নকৰাকৈয়ে এগৰাকী ব্যক্তিলৈ স্বাস্থ্য বিভাগে পঠিয়ালে হোম আইচ'লেচনৰ বাৰ্তা ৷ ঘটনা অনুসৰি, ৰঙিয়া তুলসীবাৰীৰ নিবাসী বীৰেণ কলিতা নামৰ লোকজনে 16 মে' দেওবাৰে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এটা বাৰ্তা লাভ কৰে ৷ য'ত লোকজনৰ ৰেপিড এণ্টিজেন টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰাৰ লগতে হোম আইচ'লেচনত থকাৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ৷

কিন্তু বীৰেণ কলিতা নামৰ লোকজনে সাংবাদিকক জনোৱা অনুসৰি, লোকজনৰ পৰা তেতিয়ালৈকে ক'ভিড টেষ্টৰ বাবে কোনো নমুনা সংগ্ৰহ কৰা হোৱা নাই । তেওঁৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস‍্য সুস্থ হৈ আছে যদিও বাৰ্তা লাভৰ পাচতে আতংকিত হৈ পৰিছে ।

নমুনা সংগ্ৰহ অবিহনে হোম আইচ'লেচনত থকাৰ নিৰ্দেশ ৰঙিয়াত

লোকজনে সমগ্ৰ ব‍্যৱস্থাটোৰ ওপৰতেই সন্দেহ প্ৰকাশ কৰি কয় যে, চৰকাৰে নিতৌ অভিলেখ সংখ্যক ক'ভিড টেষ্ট হোৱা বুলি দাবী কৰি আহিছে যদিও আচলতে বিভাগটোৰ কৰ্মচাৰীয়ে গাফিলতি কৰিছে নেকি? বিষয়টো সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই সঠিককৈ তদন্ত কৰাৰ দাবী উত্থাপন কৰে লোকজনে ৷

লগতে পঢ়ক: নাৰদা কেলেংকাৰী : কেবিনেট মন্ত্ৰীসহ টিএমচিৰ নেতাক গ্ৰেপ্তাৰ চিবিআইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.