ৰঙিয়া, 1 আগষ্ট : ৰঙিয়াৰ বিশিষ্ট সংস্কৃত পণ্ডিত প্ৰয়াত বানেশ্বৰ শৰ্মাৰ স্মৃতিত যোৱা দুই বছৰে ৰঙিয়াৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰি আহিছে । এইবেলিও ক'ভিড মহামাৰীৰ বাবে অনুস্তুপীয়াকৈ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে বুলি সংস্থাটোৰ সভাপতি গিৰিজানন্দ ভট্টই সংবাদ মাধ্যমক জানিবলৈ দিছে । সভাপতি গৰাকীয়ে জনোৱা মতে, অসমৰ প্ৰতিখন জিলাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষকসকলে এই বঁটাৰ বাবে সভাপতি/সম্পাদক, সংগীত গ্ৰুপ অৱ ক্ৰিয়েচন, মুখ্য কাৰ্যালয় উমানাথ ভৱন, কোঠৰা, ডাকঘৰ: জামতোলা, ৰঙিয়া, পিন: 781365ৰ ঠিকনালৈ অহা 14 আগষ্ট বা তাৰ আগতে প্ৰেৰণ কৰিব পাৰে ৷
শিক্ষক সকলে আবেদন পত্ৰৰ লগতে নিজৰ বৰ্ণাঢ্য কৰ্মজীৱনৰ জীৱন পঞ্জী পঠিয়াব লাগিব । আবেদন পত্ৰৰ লগত নিজৰ এখন সাম্প্ৰতিক ফটোগ্ৰাফ সংলগ্ন কৰি দিব লাগিব ৷ এক উচ্চস্তৰীয় স্ক্ৰীণিঙ সমিতিয়ে শ্ৰেষ্ঠজনক নিৰ্বাচিত কৰিব আৰু অহা ৫ চেপ্তেম্বৰ শিক্ষক দিৱসৰ দিনা আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব । প্ৰসংগক্ৰমে প্ৰয়াত বিশিষ্ট সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱৰ সোঁৱৰণত অনুস্থিত কৰা অনলাইন ৰচনা প্ৰতিযোগিতাখনৰো বিজয়ীজনক একে অনুষ্ঠানতে পুৰস্কৃত কৰা হ'ব।
অষ্টম মানৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীয়ে অংশ ল'ব পৰা উক্ত প্ৰতিযোগিতাৰ বিষয় "স্বাস্থ্যৰ ওপৰত অনুজীৱৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিৰোধৰ উপায়"। ৰচনাখন ২০০ শব্দৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব। ৰচনাখন লিখি নিজৰ নাম ঠিকনা স্পষ্টকৈ লিখি ৯৯৫৪২৯৩৬৬৮ নম্বৰলৈ WhatsAppযোগে পঠিয়াব পাৰে । যোগদানৰ শেষ তাৰিখ অহা ১৪ আগষ্ট । একাদিক্ৰমে শ্ৰেষ্ঠ দহজনক আগন্তুক বানেশ্বৰ শৰ্মা ৰাজ্যিক শিক্ষক বটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰা হ’ব ।
উল্লেখ্যযোগ্য যে, একে দিনাই সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগত অনুস্থিত চুটি ছবি প্ৰতিযোগিতাৰো পুৰস্কাৰ প্ৰদান কৰা হ’ব । প্ৰসংগক্ৰমে যোৱাবছৰ লকডাউনৰ সময়ত সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগতে সদৌ অসম ভিত্তিত অনলাইন একক একক অভিনয় প্ৰতিযোগিতা অনুস্থিত কৰা হৈছিল । লকডাউনৰ আজৰি সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে অনুস্থিত এই প্ৰতিযোগিতাই ব্যাপক সঁহাৰি পাব বুলি সংগঠনটোৰ সভাপতি গিৰিজানন্দ ভট্ট আৰু সম্পাদক পংকজ পল্লৱ শৰ্মাই আশা ব্যক্ত কৰে ।