ETV Bharat / state

কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ যুৱক

author img

By

Published : May 2, 2020, 6:42 PM IST

যোৱা ১৭ মাৰ্চত ছয়গাঁৱত এদল লোকে এগৰাকী আৰক্ষী কনিষ্টবলক মাৰপিট কৰাৰ অভিযোগত ৰুজু হোৱা গোচৰৰ ভিত্তিত, শনিবাৰে গাঁওখনৰে কল্প চৌধুৰী নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য যে, এই ঘটনাৰ লগত জড়িত কেইবাগৰাকীও লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

one person arrested in chaygaon for attacking on duty cop

ছয়গাঁও, 2 মে': কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত শুকুৰবাৰে নিশা ছয়গাঁৱত এগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰ কৰা লোকগৰাকী ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ২ নং জীয়াকুৰ গাঁৱৰ কল্প চৌধুৰী বুলি জানিব পৰা গৈছে ।

ছয়গাঁৱত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

উল্লেখ্য যে, যোৱা ১৭ মাৰ্চত কুকুৰমাৰা পহৰা আৰক্ষী চকীৰ কনিষ্টবল জয়চৰণ কলিতাক কৰ্তব্যৰত অৱস্থাত এদল লোকে আক্ৰমণ কৰিছিল । উক্ত ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনৰ ২৯৪/৩৩৩/৩৫৩/৪২৭/৫০৬/৩৪/৩০৭ ধাৰাত, ২৯৩/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল ।

ইতিমধ্যে এই ঘটনাত জড়িত থকাৰ অপৰাধত ২ নং জীয়াকুৰ গাঁৱৰে ক্ষীৰোদ চৌধুৰী, মনোজ তালুকদাৰ আৰু নিকুঞ্জ সাউদক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে । এই ঘটনাত অভিযুক্ত আন এজন লোক বৰ্তমানেও পলাতক অৱস্থাত আছে । যোৱা ১৭ মাৰ্চত গাঁওখনলৈ এটা দুৰ্ঘটনাৰ সময়ত যোৱা আৰক্ষীৰ মাজৰ এগৰাকী কৰ্তব্যৰত আৰক্ষীক মাৰপিট কৰিছিল এদল লোকে ।

লগতে পঢ়কঃ লক্ ডাউন-2ঃ সপ্তদশ দিনটোত ক'ত কি ঘটিল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.