ETV Bharat / state

ৰঙিয়াত পুনৰ এজন আক্ৰান্ত কোভিড-19ত

author img

By

Published : Jul 5, 2020, 4:31 PM IST

ৰঙিয়াত পুনৰ আন এজন যুৱক কোভিড-১৯ ত আক্ৰান্ত হৈছে । ইতিমধ্যে আক্ৰান্ত লোক জনৰ বাসগৃহ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা প্ৰশাসনৰ ৷

One New COVID-19 Positive Case At Rangia District
ৰঙিয়াত পুনৰ আন এজন যুৱক কোভিড-১৯ ত আক্ৰান্ত

ৰঙিয়া, 5 জুলাইঃ ৰঙিয়াত পুনৰ আন এজন যুৱকৰ দেহত ধৰা পৰে কোভিড-১৯ ৰ উপস্থিতি ৷ আক্ৰান্ত লোক জনৰ নাম কমলেশ্বৰ কলিতা ৷

ৰঙিয়াত পুনৰ আন এজন যুৱক কোভিড-১৯ ত আক্ৰান্ত হয় । ৰঙিয়াৰ কৰাৰা গাঁৱৰ কমলেশ্বৰ কলিতা নামৰ যুৱকজনৰ দেহত ধৰা পৰে কভিড-১৯ৰ উপস্থিতি । আক্ৰান্ত কমলেশ্বৰে গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল বুলি জানিব পৰা গৈছে । যোৱা ২৭ জুনত গুৱাহাটীত যুৱকজনৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল । ২৮ জুনৰ পৰা নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছিল যুৱকজন । ইতিমধ্যে যুৱকজনৰ স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ অহাত স্বাস্থ্য বিভাগে তেওঁক ৰঙিয়া কোভিড হাস্পতাললৈ প্ৰেৰণ কৰে । ইতিমধ্যে যুৱকজনৰ ঘৰখনৰ লগতে তেওঁৰ সংস্পৰ্শত অহা পৰিয়াল দুটাকো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে প্ৰশাসনে ।

লগতে পঢ়ক- অসমৰ ৰাজভৱন চৌহদক কনটেইনমেন্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.