দক্ষিণ কামৰূপ, 26 জুন: ৰাজ্যত ক্ৰমে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াকৈ কৰ'ণাৰ সংক্ৰমণে ধাৰণ কৰিছে গণ সংক্ৰমণৰ ৰূপ । দক্ষিণ কামৰূপৰ নহিৰাত যোৱা দুদিনত একেৰাহে দুজনকৈ ব্যক্তিৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ পাছত শুকুৰবাৰে দিনটোতো এজন ব্যক্তিৰ দেহত ধৰা পৰে কোভিড-19 ৷
উক্ত ব্যক্তিজন দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দখলা শোলমাৰীৰ আৱাসী অৰূপ দাস বুলি চিনাক্ত কৰা হৈছে ৷ শেহতীয়াকৈ পাণবজাৰ আৰক্ষী থানাত গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত হৈ আছিল অৰূপ দাস ৷ উল্লেখ্য যে, যোৱা মংগলবাৰে কোভিড পৰীক্ষাৰ বাবে পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত স্বাৱ প্ৰদান কৰিছিল অৰূপ দাসে ৷ পৰীক্ষাৰ ফলাফলত শুকুৰবাৰে গৃহৰক্ষী জোৱান জনৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷ ফলাফল অহাৰ পাছতেই লোকজনক চিকিৎসাললৈ প্ৰেৰণ কৰাৰ লগতে উক্ত অঞ্চলটো ছীল কৰি দিয়ে প্ৰশাসনে ৷ ইয়াৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় তীব্ৰ আতংকৰ ৷
লক্ষ্যণীয় কথা এইয়ে যে, দিনৰ 2 বজাতেই অৰূপ দাসৰ দেহত কৰ'ণা ধৰা পৰে যদিও লোকজনক চিকিৎসালয়লৈ নিবলৈ স্বাস্থ্য বিভাগক লাগিল 3 ঘন্টাৰো অধিক সময় ৷ আনহাতে পথৰ দুৰাৱস্থাৰ বাবে কোভিড-19 ত আক্ৰান্ত লোক জনক চৰকাৰী বাহনলৈ প্ৰায় 300 মিটাৰ বাট খোজ কঢ়াই নিয়ে স্বাস্থ্যবিভাগৰ লোকে ৷ যাৰ বাবে অধিক আতংকিত হৈ পৰিছে সচেতন লোক সকল ৷ আনহাতে ইয়াৰ সমান্তৰালকৈ একাংশ কাণ্ডজ্ঞানহীন লোক কৰ'ণা ৰোগীক চাবলৈ ওলাই আহিল পথলৈ ৷
লগতে পঢ়কঃ গুৱাহাটীত পুনৰ লক্ ডাউন : পূৰ্বতকৈ কঠোৰ হ'ব নীতি-নিৰ্দেশনা