ETV Bharat / state

বকোত পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : Jun 12, 2020, 1:38 PM IST

বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল প্ৰদীপ ৰাভা ৷ আনহাতে, উক্ত ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বকো আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰাভাক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে লোকজনক ।

BOKO
বকোত পথ দুৰ্ঘটনাত নিহত এজন

বকো, 12 জুন: বকোৰ অন্তৰ্গত চ'কাবাহাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনা ৷ পুৱা কৰ্মস্থলীলৈ খোজকাঢ়ি গৈ থকা সময়তে অচিনাক্ত বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় এজন লোকৰ ৷ নিহত লোকজন চ'কাবাহা গাঁৱৰ প্ৰদীপ ৰাভা বুলি জানিব পৰা গৈছে ৷ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল প্ৰদীপ ৰাভা ৷

বকোত পথ দুৰ্ঘটনাত নিহত এজন

আনহাতে, উক্ত ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বকো আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰাভাক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে লোকজনক । পৰৱৰ্তী সময়ত প্ৰদীপ ৰাভাৰ মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । উক্ত দুৰ্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ চতিয়াত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে তিনিটাকৈ পানী যোগান আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.