ETV Bharat / state

উত্তৰ গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি এগৰাকী কিশোৰী

উত্তৰ গুৱাহাটী মধ্যমখণ্ড ফেৰী ঘাটৰ কাষত যৌন নিৰ্যাতনৰ ঘটনা ৷ অসৎ চৰিত্ৰৰ যুৱকৰ কামনাৰ বলি এগৰাকী কিশোৰী ৷

author img

By

Published : Mar 20, 2020, 11:17 AM IST

one girl found in critical condition in north guwahati
উত্তৰ গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি এগৰাকী কিশোৰী

উত্তৰ গুৱাহাটী,20 মাৰ্চঃ ৰাজ্যত পুনৰ যৌন নিৰ্যাতনৰ ঘটনা ৷ তিনিটাকৈ যুৱকৰ কামনাৰ বলি এগৰাকী কিশোৰী ৷ নিৰ্জনতাৰ সুযোগ লৈ মুখত সোপাত দি ঘন ঝাওবনৰ মাজত কিশোৰীৰ ওপৰত চলিল যৌন নিৰ্যাতন ৷

উত্তৰ গুৱাহাটীৰ ফেৰিঘাটৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ কিশোৰীগৰাকী ৷ নদীত গা ধুবলৈ অহা এজন ব্যক্তিৰ খবৰৰ ভিত্তিত উদ্ধাৰ কৰা হয় কিশোৰীগৰাকী ৷ ইতিমধ্যে, উত্তৰ গুৱাহাটী আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰিছে যদিও পলায়ন কৰিছে তিনি অভিযুক্তই ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা ফেৰীৰে লৈ অনা হৈছিল কিশোৰী গৰাকীক আৰু নিৰ্জনতাৰ সুযোগ লৈ কিশোৰী গৰাকীৰ ওপৰত চলিছিল পাশৱিক অত্যাচাৰ । ইতিমধ্যে সমগ্ৰ ঘটনা সম্পৰ্কত উত্তৰ গুৱাহাটী আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃনিৰ্ভয়া কাণ্ডৰ টাইমলাইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.