কামৰূপ,30 এপ্ৰিল: ফেব্ৰুৱাৰী পৰা বেতন বঞ্চিত এনআৰচিৰ কামত নিয়োজিত কম্পিউটাৰ অপাৰেটৰ সকল । আৰম্ভণিতে এইসকল অপাৰেটৰক 12,200 টকা কৈ দিয়াৰ কথা আছিল যদিও দুমাহ পিছত মাত্ৰ 8369 টকাকৈ মাত্ৰ দুমাহৰ দৰমহাহে বৰ্তমানলৈকে প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । শ্ৰী বালাজী কনষ্ট্ৰাক্টচনৰ অধীনত এই সকল অপাৰেটৰে কামৰূপৰ জিলাৰ ছয়গাওঁ, নগৰবেৰা,বকোৰ বিভিন্ন অঞ্চলত কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰি আহিছে । কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত ৭১টা কেন্দ্ৰত কম্পিউটাৰ অপাৰেটৰ হিচাপে ৬৪ জন কৰ্মীয়ে কাম কৰি আছে । এই সন্দৰ্ভত মঙলবাৰে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যক বিষয়টো কৰ্মচাৰীসকলে অৱগত কৰে ।
লগতে পঢ়ক: লখিমপুৰৰ ষ্ট্ৰং ৰূমত এমজিভিকে ভানু
অতি সোনকালে যদিহে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বুধবাৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব কম্পিউটাৰ অপাৰেটৰ সকলে ।