ETV Bharat / state

সশস্ত্ৰ সংগ্ৰাম কৰা দুহাতেৰে কুটীৰশিল্পৰ সাধনা; গঢ়িছে স্বাৱলম্বনৰ সেন্দুৰী আলি - SELF RELIANT YOUTH

একালত সশস্ত্ৰ সংগ্ৰাম কৰা দিগন্ত দহোতীয়াই থলুৱা বাঁহে-বেতেৰে গঢ়িছে অৰ্থনৈতিক সংগ্ৰাম । নিজৰ লগতে আন কেবাটাও পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে তেওঁ ৷

EX ULFA cadre from Tinsukia
স-শস্ত্ৰ সংগ্ৰাম কৰা দুহাতেৰে কুটীৰশিল্পৰ সাধনা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2024, 12:36 PM IST

তিনিচুকীয়া : এসময়ত গুলী, বাৰুদেৰে গৰ্জন কৰি থকা অসম-অৰুণাচলৰ সীমান্তমূৰীয়া তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সৰু মাইঠং গাঁৱত গঢ়ি উঠিছে এক অৰ্থনৈতিক সংগ্ৰাম । কিছু বছৰ আগলৈকে সশস্ত্ৰ সংগ্ৰাম কৰা দিগন্ত দহোতীয়াৰ নেতৃত্বত এদল থলুৱা যুৱকক আগুৱাই গৈছে অৰ্থনৈতিক সংগ্ৰামখনত । থলুৱা বাঁহ-বেতেৰে সামগ্ৰী নিৰ্মাণৰ লগতে গঢ়ি তুলিছে উন্নত প্ৰজাতিৰ বাঁহৰ নাৰ্চাৰী ।

স্বাধীন অসমৰ সপোন বুকুত লৈ কৰা সশস্ত্ৰ সংগ্ৰামখনৰ সময়ত ২০০০ চনত অসম আৰক্ষীৰ হাতত আটক হোৱাৰ পাছতে দিগন্ত দহোতীয়াই নিজাববীয়াকৈ গঢ়ি তোলে অন্য এক সংগ্ৰাম । সশস্ত্ৰ সংগ্ৰাম কৰি থকাৰ সময়চোৱাত মণিপুৰত দিগন্ত দহোতীয়াই শিকিছিল বাঁহ, বেতেৰে কিছু সামগ্ৰী প্ৰস্তুত কৰিবলৈ । সেই সময়তে দহোতীয়াই মনত পুহি ৰাখিছিল থলুৱা বাঁহ, বেতেৰে অন্য এখন সংগ্ৰাম গঢ়ি তোলাৰ সপোন ।

স-শস্ত্ৰ সংগ্ৰাম কৰা দুহাতেৰে কুটীৰশিল্পৰ সাধনা (ETV BHARAT ASSAM)

এতিয়া দিগন্ত দহোতীয়াৰ নেতৃত্বত স্থানীয় যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি থলুৱা বাঁহ, বেতেৰে চকী, টেবুল, মহিলাৰ বিভিন্ন ধৰণৰ গহনা, জাপি, কাঁহী, বাতি, চামুচ, হেতা, মাছ ধৰাৰ সঁজুলিকে আদি কৰি শতাধিক সা-সামগ্ৰী প্ৰস্তুত কৰে । সামগ্ৰীসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশলৈও প্ৰেৰণ কৰি আহিছে । সমান্তৰালভাৱে দুৰ্গা পূজাত কলকাতালৈ এটা দল গৈ অসমীয়া আৰ্হিৰে মণ্ডপ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : চৰকাৰী সাহাৰ্য অবিহনেই স্বাৱলম্বী হোৱা এজন শিক্ষিত যুৱক - Self Reliant Youth

এই সমগ্ৰ সংগ্ৰামখনৰ সন্দৰ্ভত দিগন্ত দহোতীয়াই কয়, ‘‘অৰ্থনৈতিক সংগ্ৰাম অবিহনে কোনো এখন সংগ্ৰামেই সফল হ’ব নোৱাৰে । সেইকাৰণে মই সশস্ত্ৰ সংগ্ৰাম কৰি থকাৰ সময়তেই অসমৰ থলুৱা, অসমীয়া লোকসকলক লৈ বিশেষকৈ যুৱ প্ৰজন্মক লগত এখন অৰ্থনৈতিক সংগ্ৰাম গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিলো ৷ সেই পৰিকল্পনা অনুসৰিয়েই বিগত ২৪ বছৰে ২০০০ চনৰ পৰাই ‘অন্নেষণ’ৰ জৰিয়তে থলুৱা বাঁহ, বেতেৰে অৰ্থনৈতিক সংগ্ৰাম গঢ়ি তুলিছো ৷ এই সংগ্ৰামখনত বৰ্তমান ৰাজ্যখনৰ তিনি শতাধিক যুৱক-যুৱতী নিজ নিজ অঞ্চলত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে ।’’

‘‘কিন্তু কাৰিকৰীভাৱে সামগ্ৰীসমূহ নিৰ্মাণ কৰিবলৈ যিখিনি সা-সঁজুলি আমাক লাগে সেই সা-সঁজুলীসমূহ নথকাৰ বাবে কিছু অসুবিধা হয় । অন্যথা বাঁহৰে প্ৰস্তুত কৰা সা-সামগ্ৰীৰ চাহিদা যথেষ্ঠ বেছি ৷ গতিকে এইক্ষেত্ৰত চৰকাৰে যদি প্ৰয়োজন সাপেক্ষে আৰ্থিক সহযোগিতা আগবঢ়াই তেন্তে নিবনুৱা যুৱক-যুৱতীসকল আৰু আগুৱাই যাবলৈ সক্ষম হ’ব ।’’ তেওঁ শেষত কয় ৷

লগতে পঢ়ক : পানী মেটেকাত জীৱনৰ সন্ধান; নলবাৰীৰ অঞ্জলী বড়োৱে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

লগতে পঢ়ক : 30 বছৰে শিক্ষকতা কৰি পালে মাথোঁ বঞ্চনা; হাৰ মানিব নোখোজা মনটোৱে তেওঁক দিলে সফলতাৰ অন্য এক পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.