ETV Bharat / bharat

দিল্লীত প্ৰদূষণৰ বিপদঘণ্টা; ৰাজধানীবাসীৰ হাহাকাৰ - DELHI POLLUTION

Air Pollution in Delhi: দিল্লীৰ প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ৰাজধানীৰ বাসিন্দা বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ।

Air Pollution in Delhi
দিল্লীত প্ৰদূষণৰ বিপদঘণ্টা (ANI)
author img

By ANI

Published : Nov 14, 2024, 12:21 PM IST

নতুন দিল্লী : সময়ৰ লগে লগে ৰাজধানী নতুন দিল্লীৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈছে । প্ৰদূষণৰ ফলত ধুঁৱলী-কুঁৱলী হৈ পৰিছে দিল্লী চহৰ । পুৱাই ঘন কুঁৱলীয়ে আৱৰি ৰাখিছে চহৰখনক । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ তথ্য অনুসৰি দিল্লীত পুৱা ৮ বজাত বায়ুৰ সূচাংক (AQI) হৈছে ৪২৮ । যাক অতি ভয়াৱহ বুলি গণ্য কৰা হৈছে ।

স্বাস্থ্য সম্পৰ্কীয় সমস্যা দিল্লীবাসীৰ

এগৰাকী স্থানীয় লোকে কোৱা মতে বৰ্ধিত প্ৰদূষণৰ ফলত দৈনন্দিন কাৰ্যকলাপ যথেষ্ট প্ৰভাৱিত হৈছে । সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়, "প্ৰদূষণ বৃদ্ধি পাইছে । আমি উশাহ-নিশাহ আৰু চকুৰ জ্বলা-পোৰাৰ দৰে সমস্যাৰ সন্মুখীন হৈছো । আগতে আমি দৌৰিবলৈ গৈছিলো, কিন্তু এতিয়া আমি সেয়া কৰিব নোৱাৰো ।" বিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীয়ে কোৱা মতে অত্যধিক প্ৰদূষণৰ বাবে তেওঁ নিৰন্তৰ কাহি আছে । তেওঁ উল্লেখ কৰা মতে যদি মানুহে প্ৰদূষণ নিয়ন্ত্ৰিত সামগ্ৰী আৰু চিএনজি বাহন ব্যৱহাৰ কৰে তেনেহ'লে প্ৰদূষণ কিছু হ্ৰাস হ'ব । কিন্তু মানুহে সেই বিষয়ে চিন্তিত নহয় বুলিও শিক্ষাৰ্থীগৰাকীয়ে উল্লেখ কৰে ।

আন এগৰাকী লোকে জনোৱা মতে প্ৰদূষণ বৃদ্ধি হোৱাৰ লগে লগে তেওঁ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিবলৈ আৰম্ভ কৰিছে ।

ইফালে বৃহস্পতিবাৰে পুৱা আনন্দ বিহাৰত বায়ুৰ সূচাংক হৈছে ৪৬৯-৪৭০, আইটিঅ'ত ৪১৭ আৰু ৰোহিণীত ৪৫১ । ইফালে, ১৩ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে চিপিচিবিৰ সৈতে আলোচনা কৰি কিছুমান শ্ৰেণীৰ ঔদ্যোগিক প্ৰকল্পক বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১ৰ ধাৰা ২১ ৰ অধীনত প্ৰযোজ্য ব্যৱস্থাসমূহৰ পৰা ৰেহাই দিয়ে । অধিসূচনাত তালিকাভুক্ত ৰেহাই প্ৰাপ্ত উদ্যোগ আৰু খণ্ডবোৰৰ ভিতৰত আছে এয়াৰ কুলাৰৰ মেৰামতি আৰু সেৱা, চাইকেল আৰু অন্যান্য অ-মটৰচালিত বাহন, জৈৱিক সাৰ, কপাহ, ঊণ আৰু অস্ত্ৰোপচাৰ আৰু চিকিৎসা সামগ্ৰী একত্ৰিত কৰা আৰু আন বহুতো ।

লগতে পঢ়ক :ধোঁৱাৰ আচ্ছাদন দিল্লীত; ওচৰতে থকা বস্তুও ধৰিব নোৱৰা পৰিৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.