ETV Bharat / technology

এতিয়াৰে পৰা আপোনাৰ শিক্ষক হ’ব গুগল ! জানক কেনেকৈ ? - GOOGLE’S LEARN ABOUT

গুগলে মুকলি কৰিছে এটা নতুন শিক্ষণ সঁজুলি Learn About, যিয়ে আপোনাৰ বাবে শিক্ষকৰ দৰে কাম কৰিব পাৰে । বিতংভাৱে জানক ---

google-launches-ai-powered-learn-about-learning-companion-for-educational-research
এতিয়াৰে পৰা আপোনাৰ শিক্ষক হ’ব গুগল ! জানক কেনেকৈ ? (Google)
author img

By ETV Bharat Tech Team

Published : Nov 14, 2024, 12:46 PM IST

হায়দৰাবাদ: পৰীক্ষামূলকভাৱে গুগলে মুকলি কৰিছে কৃত্ৰিম বুদ্ধিমত্তা বৈশিষ্ট্য ‘Learn About’ । গুগলৰ LearnLM কৃত্ৰিম বুদ্ধিমত্তা মডেলৰ দ্বাৰা চালিত এই বৈশিষ্ট্যটোৱে বিশেষভাৱে শ্ৰেণীকোঠাৰ উপযোগী হোৱাকৈ বিকশিত কৰা হৈছে । এইটোৱে বিশেষকৈ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব । এতিয়া এই সঁজুলিটো পৰীক্ষামূলকভাৱে মুকলি কৰা হৈছে ।

আন এপতকৈ ‘Learn About’ কিদৰে পৃথক ?

ChatGPT, Gemini ৰ দৰে AI chatbot ৰ দৰে নহয়, Google ৰ নতুন ‘Learn About’ এ সংজ্ঞাৰ ভিত্তিত উপস্থাপন কৰিবলৈ ইন্টাৰেক্টিভ তালিকা, কুইজ আৰু অতিৰিক্ত তথ্য সম্ভাৰ ব্যৱহাৰ কৰি দৃশ্যগতভাৱে আকৰ্ষণীয় ফৰ্মেটত তথ্য সংগঠিত কৰে । যাতে ছাত্ৰ বা শিক্ষকে কোনো বিষয় সন্দৰ্ভত তথ্য বিচাৰিলে কোনো এটা বিষয় ভালদৰে বুজিব পাৰে । ইয়াৰ উপৰিও, সঁজুলিটোৱে আপুনি বিচৰা বিষয়টোৰ সৈতে জড়িত অন্য তথ্য প্ৰদান কৰিবলৈ আপোনাৰ অনুমতি বিচাৰে ।

এই সঁজুলিটোৰ উদ্দেশ্য কি?

এই বৈশিষ্ট্যটো মূলতঃ শৈক্ষিক গৱেষণাৰ লক্ষ্যৰে প্ৰস্তুত কৰি তোলা হৈছে । Learn About এ সদায় এটা বিশ্বাসযোগ্য প্লেটফৰ্মৰ পৰা আপুনি বিচৰা বিষয়টো সন্দৰ্ভত তথ্য প্ৰদান কৰে । উদাহৰণস্বৰূপে, Google Gemini য়ে ‘ব্ৰহ্মাণ্ডৰ আকাৰ কিমান’ এই প্ৰশ্নৰ বাবে ৱিকিপিডিয়াৰ পৰা (ৱিকিপিডিয়া) তথ্য সংগ্ৰহ কৰাৰ বিপৰীতে লাৰ্ণ এবাউট প্লেটফৰ্মে গৱেষকসকলক (অন্বেষকসকলক) একাডেমিক চাইটটোৱে উল্লেখ কৰা পদাৰ্থ বিজ্ঞানৰ মঞ্চৰ বিষয়ে তথ্য প্ৰদান কৰে ।

'Learn About' কেনেকৈ ব্যৱহাৰ কৰিব ?

গুগলৰ এই নতুন এপটো বৰ্তমান ৱেবত আংশিকভাৱে কেৱল কিছুমান বিশেষ অঞ্চলৰ বাবে উপলব্ধ । আমাৰ দেশ ভাৰত এই তালিকাত নাই । সফল পৰীক্ষণ পৰ্যায়ৰ পিছত ভাৰতকে ধৰি অন্য দেশত ব্যৱহাৰৰ বাবে উপলব্ধ হ’ব পাৰে ।

লগতে পঢ়ক: গুগলৰ সৈতে প্ৰতিযোগিতাত নামিব পাৰিব মেটাই : ৰিপ’ৰ্ট

বৃদ্ধি হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্ব; পাৰমাণৱিক শক্তিৰ চুক্তিত স্বাক্ষৰ Google ৰ

Google Photos এ চিনাক্ত কৰিব ভুৱা, বিকৃত ছবি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.