ETV Bharat / state

মৃত্যুৰ ক্ষণ গণিছে ডেৰশ বছৰীয়া এ কে ইনিষ্টিটিউচনে - undefined

বৃটিছৰ আমোলতে প্ৰতিষ্ঠা হোৱা অসমৰ তিনিখন হাইস্কুলৰ অন্যতম আছিল আউনীআটী কমলদেৱ হাইস্কুল চমুকৈ এ কে ইনিষ্টিটিউচন ৷

উত্তৰ গুৱাহাটীৰ এ কে ইনিষ্টিটিউচনে মৃত্যুৰ ক্ষণ গণিছে
author img

By

Published : Oct 14, 2019, 8:25 PM IST

উত্তৰ গুৱাহাটী, 14 অক্টোবৰ: মৃত্যুৰ ক্ষণ গনিছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনীআটী কমলদেৱ হাইস্কুল চমুকৈ এ কে ইনিষ্টিটিউচনে ৷ বিদ্যালয় পৰিচালনা সমিতি আৰু অধ্যক্ষাৰ মাজৰ দীৰ্ঘদিনীয়া যুঁজৰ পৰিণতিতেই এতিয়া ধ্বংসৰ দুৱাৰদলিত দেৰশ বছৰ গৰকা এইখন বিদ্যালয় ৷

উল্লেখযোগ্য য়ে, বৃটিছৰ আমোলতে প্ৰতিষ্ঠা হোৱা অসমৰ তিনিখন হাইস্কুলৰ ভিতৰত অন্যতম আছিল উত্তৰ গুৱাহাটীৰ এ কে ইনিষ্টিটিউচন ৷ যি সময়ত ৰাজ্যত এখনৰ পাচত আন এখন চৰকাৰী বিদ্যালয় দুৰ্বল আন্ত:গাঠনি তথা শিক্ষক আৰু শিক্ষাৰ্থীৰ অভাৱত নষ্ট হৈ গৈছে সেই সময়তে ৰাজ্যৰ এখন প্ৰাচীন বিদ্যালয় এইদৰে ধ্বংসমুখলৈ গতি কৰাটো অন্ত্যন্ত দুখৰ বিষয় ৷ অভিযোগ অনুসৰি বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু অধ্যক্ষা চাৰুলতা কলিতাৰ মাজত বহুদিনৰ পৰা চলি অহা ক্ষমতাকেন্দ্ৰীক যুজঁৰ বাবে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ ওপৰিও উভয় পক্ষৰে অভিযোগ প্ৰতিঅভিযোগৰ মাজত শিক্ষাৰ্থীসকলে পনবন্দীত্বৰ জীৱন কটাব লগা হৈছে ৷

আউনী আটী কমল দেব হাইস্কুলৰ অধ্যক্ষা চাৰুলতা কলিতাৰ বিৰুদ্ধে স্বৈৰাচাৰিতাৰ অভিযোগৰে পৰিচালনা সমিতিয়ে বিগত দুটা বৰ্ষত বিদ্যালয়খনত সম্পূৰ্ণ অৰাজক পৰিৱেশৰ সৃষ্টি কৰিছে থিক একেদৰে অধ্যক্ষা চাৰুলতা কলিতায়ো বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে আনিছে সীমাহীন অভিযোগ ৷

উত্তৰ গুৱাহাটীৰ এ কে ইনিষ্টিটিউচনে মৃত্যুৰ ক্ষণ গণিছে

আনহাতে এই অভিযোগ প্ৰতি-অভিযোগসমূহৰ মাজতে বিদ্যালয় পৰিচালনা সমিতি আৰু চাৰুলতা বৰা সীমাবদ্ধ থকাৰ ফলত এতিয়া জহি খহি গৈছে ঐতিহ্য মণ্ডিত বিদ্যালয়খনৰ আন্ত:গাথনি ৷ যিখন বিদ্যালয়ৰ বহু শিক্ষাৰ্থী বৰ্তমান সময়ত জাপান ,আমেৰিকা আদি দেশৰ অভিযন্তা সেইখন বিদ্যালয়ত এতিয়া নাই এটোপাল বিশুদ্ধ খোৱা পানী ৷ গুটখাৰ পিকেৰে কৰাল বান্ধিছে বেৰত তাৰোপৰি বেৰত ওলমি আছে দৰ্জা খিৰিকী, বিদ্যালয়খনৰ জনশূন্য কোঠাত চলে পাংখা লাইট, কোনেও নুশুনে অধ্যক্ষৰ কথা, মুঠৰ ওপৰত ঐতিহ্যমণ্ডিত এ কে ইনিষ্টিটিউচনত এতিয়া বিৰাজ কৰিছে এক চৰম নৈৰাজ্যৰ পৰিৱেশ ৷ যাৰ ফলত এতিয়া বিদ্যালয় এৰি আন স্কুললৈ ঢাপলি মেলিছে শিক্ষাৰ্থীসকলে ৷

শেহতীয়াকৈ মহানগৰ বিদ্যালয় পৰিদৰ্শকৰ অবিবেচক সিদ্ধান্তই মৰ্মাহত কৰিছে সকলোকে ৷ বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ আহি আধাতে পৰিদৰ্শন সামৰিলে বিদ্যালয় পৰিদৰ্শকে ৷ এতিয়া প্ৰশ্ন হৈছে ৰাজ্যৰ ভিতৰতে এখন অন্যতম প্ৰাচীন বিদ্যালয় হিচাপে জনাজাত এ কে ইনিষ্টিটিউচনৰ এই অৱস্থাৰ পাছতো কিয় নিমাত ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগ ? কেতিয়া অৱসান ঘটিব বিদ্যালয় পৰিচালনা সমিতি আৰু অধ্যক্ষাৰ মাজৰ দীৰ্ঘদিনীয়া যুঁজৰ? তাৰেই অপেক্ষাত এতিয়া এ কে ইনিষ্টিটিউনৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে ৷

Intro:Slug: A K lnstitute glamour

দুই মহৰ যুঁজত বিৰিণাৰ মৰণ । বঙহৰ যুঁজত ধংস হ'ল শিক্ষাৰ্থীৰ জীবন। বৃটিছৰ আমোলত প্ৰতিষ্ঠা হোৱা অসমৰ তিনিখন হাইস্কুলৰ অন্যতম উত্তৰ গুৱাহাটীৰ এ কে ইনিষ্টিটিউচনে মৃত্যুৰ ক্ষণ গণিছে । বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয়ৰ অধ্যক্ষাৰ মাজৰ দীৰ্ঘদিনীয়া যুঁজৰ বাবে দেৰশ বছৰ গৰকা ঐতিহ্য মণ্ডিত বিদ্যালয়ৰ পৰা উঠাশ দিয়া হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ । অসমৰ প্ৰাচীনতম বিদ্যালয় খনৰ শিক্ষাৰ্থী কম হোৱাৰ অচিলাৰে  পৰীক্ষা কেন্দ্ৰ উঠাই ৰংমহল হাশস্কুলত সংলগ্ন কৰাত মৰ্মাহত অভিভাবক ৰাইজ ।
> Body:Vo:আউনী আটী কমল দেব হাইস্কুলৰ অধ্যক্ষা চাৰুলতা কলিতাৰ বিৰুদ্ধে স্বৈৰাচাৰিতাৰ অভিযোগৰে পৰিচালনা সমিতিয়ে বিগত দুটা বৰ্ষত বিনষ্ট কৰিছে শৈশিক পৰিবেশ । ইফালে অধ্যক্ষা চাৰুলতা কলিতায়ো বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে আনিছে সীমাহীন অভিযোগ । আৰু অভিযোগ প্ৰতিঅভিযোগৰ মাজত পনবন্দী শিক্ষাৰ্থী । Byte:
> V0: ঐতিহ্যমণ্ডিত এ কে ইনিষ্টিটিউটৰ শিক্ষাৰ্থী জাপান ,আমেৰিকাৰ অভিযন্তা । আৰু আজিৰ এ কে ইনিষ্টিটিউটৰ পৰিবেশ চাওক। চিখৰৰ পিকৰ কৰাল বান্ধিছে বেৰত । দৰ্জা খিৰিকী ওলমি আছে বেৰত ,নাই বিশুদ্ধ খোৱা পানী ।জনশূন্য কোঠাত চলে পাংখা লাইট,কোনেও নুশুনে অধ্যক্ষৰ কথা ।বিদ্যালয় খনৰ চৰম নৈৰাজ্যৰ বাবে আন বিদ্যালয়লৈ খোজ শিক্ষাৰ্থীৰ । তাৰ মাজতে মহানগৰ বিদ্যালয় পৰিদৰ্শকৰ অবিবেচক সিদ্ধান্তত মৰ্মাহত সকলো Byte:
>  Conclusion:মহানগৰৰ ঐতিহ্যমণ্ডিত বিদ্যালয় এ কে গ্ৰাম্য স্কুল পৰিদৰ্শকৰ আওতাত সামৰাত হতভম্ব সকলো । যিসময়ত এজন দুজন শিক্ষাৰ্থীৰেও চলিছে বিদ্যালয় ,তৎসত্বেও এশ নব্বৈ শিক্ষাৰ্থীৰ এ কে ৰ পৰীক্ষা কেন্দ্ৰত চকু কিয়।কিয় মহানগৰ বিদ্যালয় পৰিদৰ্শক  এ কে ইনিষ্টিটিউচনৰ   মৃত্যুৰ দিনলৈ বাট চাইছিল ? 

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.