ETV Bharat / state

'SAVE ROADS' এপ মুকলি কৰিলে কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে

author img

By

Published : Oct 2, 2020, 2:00 PM IST

কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ প্ৰশংসনীয় প্ৰদক্ষেপ। পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ বিশ্লেষণৰ বাবে 'SAVE ROADS' নামৰ মোবাইল এপ মুকলি। অহা ১৫দিনৰ ভিতৰত উপলব্ধ হ'ব চলিত বৰ্ষত কামৰূপ জিলাত সংঘটিত হোৱা দুৰ্ঘটনাৰ তথ্য।

'SAVE ROADS' এপ মুকলি কৰিলে কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে
'SAVE ROADS' এপ মুকলি কৰিলে কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে

কামৰূপ, ২অক্টোবৰ: পথ দুৰ্ঘটনা সম্পৰ্কীয় তথ্য সমৃদ্ধ এটি নতুন এপ মুকলি কৰিলে কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে। কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ পৰিকল্পনাত মুকলি কৰা হয় 'SAVE ROADS' নামৰ মোবাইল এপটো। সমগ্ৰ ৰাজ্যৰ ভিতৰতে কামৰূপ জিলাত পোন প্ৰথমবাৰৰ বাবে এই এপটো মুকলি কৰা হয়। পথ দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰি পথ দুৰ্ঘটনাৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে। সঘনাই হৈ থকা দুৰ্ঘটনা সংঘটিত হোৱা স্থান আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰাৰ উপায় সম্বন্ধে এপৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে।

এপটোৰ জৰিয়তে আগতীয়াকৈ সাৱধনতা অৱলম্বন কৰিব পাৰিব। অহা ১৫দিনৰ ভিতৰত এপটোত উপলব্ধ হ'ব চলিত বৰ্ষত কামৰূপ জিলাত সংঘটিত হোৱা আটাইবোৰ দুৰ্ঘটনাৰ তথ্য। কামৰূপ জিলা উপায়ুক্তৰ উপস্থিতিত পথ সুৰক্ষা সমিতিৰ বৈঠকত এই এপটো মুকলি কৰা হয়। আনহাতে, 'SAVE ROADS' এপ সমগ্ৰ দেশত মুকলিৰ পোষকতা কৰে পৰিবহণৰ অতিৰিক্ত আয়ুক্তগৰকীয়ে।

লগতে পঢ়ক:ৰাহুল গান্ধীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যৰ ঠায়ে ঠায়ে কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.