বাইহাটা, 16 এপ্ৰিল : চাকৰি দিয়াৰ নামৰ বজাৰ মেলা এটা প্ৰতাৰকক আমিনগাঁৱৰ ৰাইজে শোধালে উত্তম-মাধ্যম ৷ নলবাৰীৰ ৰাহুল কলিতা নামৰ লোকজনে ৰে'লৱে চাকৰি দিয়াৰ নামত একাংশ যুৱক-যুৱতীৰ পৰা লক্ষাধিক টকা লুটপাট চলাই আহিছিল ৷
স্থানীয় লোকে সদৰি কৰা মতে, লোকজনৰ এনে কৰ্মত একাংশ লোকৰ সন্দেহ উপজে ৷ তদুপৰি এই লোকজনৰ বিৰুদ্ধে একাংশ যুৱক-যুৱতীয়ে চাকৰি দিয়াৰ নামত ধনলৈ উধাও হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ এই পৰিপ্ৰেক্ষিততে সুযোগ গ্ৰহণ কৰি ৰাইজে আটক কৰে ৰাহুল কলিতা নামৰ প্ৰবঞ্চকজনক ৷ বৰ্তমান লোকজন কামৰূপ আৰক্ষীৰ জিম্মাত আছে বুলিও জানিবলৈ দিয়ে ৷ ৰাইজৰ অভিযোগ অনুসৰি ৰাহুল কলিতা নামৰ প্ৰবঞ্চকজনৰ তিনিগৰাকী পত্নী থকাৰ পাচতো বিবাহিত মহিলা, ছোৱালীক প্ৰেমৰ চলনাৰে প্ৰতাৰণা কৰি আহিছে ৷
লগতে পঢ়ক:হাফকিন প্ৰতিষ্ঠানক কৰ'ণা প্ৰতিষেধক প্ৰস্তুতৰ বাবে কেন্দ্ৰৰ অনুমোদন