উত্তৰ গুৱাহাটী, 30 মাৰ্চঃ সমগ্ৰ বিশ্বই কৰ'ণা ভাইৰাচৰ ত্ৰাসত স্তব্ধ হৈ পৰাৰ সময়তে এই মাৰত্মক মহামাৰীৰ প্ৰতি কোনো সচেতনতা নাই উত্তৰ গুৱাহাটীস্থিত আই অ চি বটেলিং প্লান্টত । যাৰ ফলত আতংকিত হৈ পৰিছে আই অ চি বটেলিং প্লান্টৰ কৰ্মচাৰী তথা বৃহত্তৰ উত্তৰ গুৱাহাটীবাসী।
ৰন্ধন গেছ কঢ়িওৱা দৈনিক শতাধিক বহি:ৰাজ্যৰ ট্ৰেংকাৰ সহ চালক উত্তৰ গুৱাহাটীৰ আই অ চি বটেলিং প্লান্টত উপস্থিত হয় । এই সমূহ ট্ৰাক দেশৰ বিভিন্ন স্থান ঘূৰি উপস্থিত হয় উত্তৰ গুৱাহাটীৰ আই অ চি বটেলিং প্লান্টত । কিন্তু এই চালক সকলৰ বাবে নাই কোনো আচুতীয়া কোঠা । আনকি চেনিটাইজাৰ প্ৰদান নকৰাৰো অভিযোগ চালকৰ । প্ৰৱেশদ্বাৰত ডিজিটেল থাৰ্মমিটাৰেৰ শৰীৰৰ উত্তাপ জুখিয়েই দায়িত্ব সামৰিছে বুলি অভিযোগ উঠিছে আই অ চি বটেলিং প্লান্টৰ জ্যেষ্ঠ প্ৰৱন্ধকৰ বিৰুদ্ধে ।