ৰঙিয়া, 23 এপ্ৰিল : ক’ভিডৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে বহিঃৰাজ্যৰ পৰা অহা সহস্ৰাধিক লোকেৰে ভৰি পৰিছে ৰঙিয়া ৰেল জংচন । সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো প্ৰতিদিনে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ জানিব পৰা মতে, ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি বিমানবন্দৰ, ৰেল জংচনত ক’ভিড পৰীক্ষাৰ নিৰ্দেশ দিয়াৰ পাছতো ৰঙিয়া ৰেল জংচনত ক’ভিড পৰীক্ষাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।
বহিঃৰাজ্যৰ পৰা অহা এই লোকসকলৰ বেছি সংখ্যাক লোকে জংচনত কোনোধৰণৰ সামাজিক দূৰত্ব মানি নচলাৰ লগতে বেছিভাগে মাস্ক পৰিধাণ কৰা নাই ৷ আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে ৰেল জংচনৰ পৰা নিজৰ গন্তব্য স্থানলৈ গতি কৰে দুখনকৈ ৰেলৰ সহস্ৰাধিক ৰেল যাত্ৰীয়ে । কিন্তু এই ৰেল যাত্ৰীসকল কৰ পৰা আহিছে অথবা ক’ত যাব তাৰ কোনো ঠিকনা নাই ।
উল্লেখ্য যে, উজনিমুৱা 05645 নম্বৰৰ লোকমান্য তিলক এক্সপ্ৰেছ আৰু 02507 নম্বৰৰ থিৰুৱন্তপুৰম এক্সপ্ৰেছেৰে আহিছে এই ৰেল যাত্ৰীসকল । ৰেলেৰে অহা সহস্ৰাধিক ৰেল যাত্ৰী অসমৰ বিভিন্ন ঠাইলৈ যোৱাত ক’ভিড 19 বিয়পি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । যাৰ বাবে এতিয়া চৰম অনিশ্চয়তাত ভুগিছে সচেতন মহল । লগতে প্ৰশাসনৰ এনে চৰম অৱহেলাৰ বাবে ৰাইজে ক্ষোভ উজাৰিছে ।
লগতে পঢ়ক : কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই