ETV Bharat / state

ৰঙিয়াত ১০ বছৰ ধৰি যমৰ-যাতনা পথাচাৰিৰঃ কুম্ভকৰ্ণ নিদ্ৰাত জন প্ৰতিনিধি

ৰঙিয়াৰ দ্বাৰকুছিত ১০ বছৰ পূৰ্বে বানত ভাঙি যোৱা কাঠৰ দলং এখন আজিও নিৰ্মাণ কৰা নহ'ল । স্থানীয় ৰাইজে এখন বাঁহৰ দলং নিৰ্মাণ কৰি বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে ৷ অতি শীঘ্ৰে এখন দলঙৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান ৰাইজৰ ৷

১০ বছৰ ধৰি  যমৰ-যাতনা পথাচাৰিৰঃ কুম্ভ নিদ্ৰাত জন প্ৰতিনিধি
author img

By

Published : Nov 23, 2019, 11:01 AM IST

ৰঙিয়া, 23 নৱেম্বৰঃ ৰঙিয়াত ১০ বছৰে ধৰি যমৰ- যাতনাৰে যাতায়াত অব্যাহত ৰাখিছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে ৷ স্থানীয় ৰাইজে বাঁহৰ দলং নিৰ্মাণ কৰিয়েই বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে ৷

১০ বছৰ ধৰি যমৰ-যাতনা পথাচাৰিৰঃ কুম্ভ নিদ্ৰাত জন প্ৰতিনিধি

বিকশিত অসমৰ আন এক পুতৌ লগা ছবি । ৰঙিয়াৰ দ্বাৰকুছিত ১০ বছৰ পূৰ্বে প্ৰলয়ংকাৰী বানত ভাঙি যোৱা কাঠৰ দলং এখন আজিও নিৰ্মাণ কৰা নহ'ল । যাৰ বাবে ৰঙিয়া আৰু তামুলপুৰ সমষ্টিৰ সহস্ৰাধিক লোকে যাতায়তৰ নামত জীয়াতু ভুগি আহিছে । ১০ বছৰ পূৰ্বে বৰলীয়া নৈৰ সংহাৰী বানে পথটোত থকা কাঠৰ দলংখনৰ আধা আধা অংশ উটুৱাই নিয়ে । তেতিয়াৰ পৰা ৰঙিয়া আৰু তামুলপুৰ সমষ্টিৰ সহস্ৰাধিক লোকে যাতায়তৰ নামত দুৰ্ভোগ ভুগি আহিছে।

উল্লেখ্য যে, দলংখন নিৰ্মাণ কৰাৰ বাবে ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰিলে যদিও বিভাগীয় কৰ্তৃপক্ষই উক্ত বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিলে । দুটা সমষ্টিৰ সীমা অঞ্চল হোৱা বাবে দুয়োটা সমষ্টিৰ বিধায়ক দুগৰাকীয়েও দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । উপায়ন্তৰ হৈ ৰাইজে এখন বাঁহৰ দলং নিৰ্মাণ কৰিয়েই যাতায়তৰ কৰি থাকিবলগীয়া হৈছে । কিন্তু অতি দুৰ্বল এই বাঁহৰ দলং খনেৰে চলাচল কৰাটো পথচাৰীৰ বিপজ্জনক হৈ পৰিছে । বিশেষকৈ শিশু, মহিলা, বৃদ্ধ, ৰুগীয়া লোকে মৰণক শৰণ দি বিপদ সংকুলভাৱে পাৰ হয় এই বাঁহৰ দলং খনেৰে ৷ অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনক উক্ত পথটোত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

Intro:১০ বছৰ পুৰ্বে বানপানীত উটি যোৱা দলং আজিও মেৰামতি নহলBody:বিকশিত অসমৰ আন এক পুতৌ লগা ছবি । ৰঙিয়াত ১০ বছৰ পূৰ্বে প্ৰলয়ংকাৰী বানত ভাঙি যোৱা কাঠৰ দলং এখন আজিও নিৰ্মাণ কৰা নহ'ল । যাৰ বাবে ৰঙিয়া আৰু তামুলপুৰ সমষ্টিৰ সহস্ৰাধিক লোকে যাতায়তৰ নামত জীয়াতু ভুগি আহিছে । এই দৃশ্য ৰঙিয়া আৰু তামুলপুৰ সমষ্টিৰ সীমান্তৱৰ্তী দ্বাৰকুছিৰ । ১০ বছৰ পূৰ্বে বৰলীয়া নৈৰ সংহাৰী বানে ইয়াত থকা কাঠৰ দলংখনৰ আধা আধা অংশ উটুৱাই নিয়ে । তেতিয়াৰ পৰা ৰঙিয়া আৰু তামুলপুৰ সমষ্টিৰ সহস্ৰাধিক লোকে যাতায়তৰ নামত দুৰ্ভোগ ভুগি আহিছে। দলংখন নিৰ্মাণ কৰাৰ বাবে ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰিলে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিলে। দুটা সমষ্টিৰ সীমাৰ অঞ্চল হোৱা বাবে দুয়োটা সমষ্টিৰ বিধায়ক দুগৰাকীয়েও দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। উপায়ন্তৰ হৈ ৰাইজে এখন বাঁহৰ দলং নিৰ্মাণ কৰে যাতায়তৰ বাবে। কিন্তু অতি দুৰ্বল এই বাঁহৰ দলংখনেৰে চলাচল কৰাটো বিপজ্জনকভাৱে হৈ পৰিছে। বিশেষকৈ শিশু , মহিলা , বৃদ্ধ , ৰুগীয়া লোকে মৰণক শৰণ কৰি বাধ্য হৈ এই বিপদসঙ্কুল পথেৰে চলাচল কৰিব লগীয়া হৈছে ।
Bite:- স্থানীয় যুৱকConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.