ETV Bharat / state

মূল্যবৃদ্ধি ৰোধত অসমৰ্থ যোগান বিভাগ: নিখিল ভাৰত কৃষক সভা - মূল্যবৃদ্ধি

ৰাজ্যত কৰ'ণা সংক্ৰমণ ৰোধৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নীতিয়ে প্ৰভাৱিত কৰিছে সৰ্বসাধাৰণ লোকক ‌। এনে এক সময়তে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে চুই গৈছে গ্ৰাহকসকলক । মূল্যবৃদ্ধি ৰোধৰ লগতে অমানৱীয়ভাৱে আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে কৰা উচ্ছেদ, কৃষি আৰু কৃষক বিৰোধী তিনি আইন বাতিল কৰাক লৈ ৰঙিয়াৰ নিখিল ভাৰত কৃষক সভাৰ ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰিছে ৷

মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰঙিয়াত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

author img

By

Published : Jun 22, 2021, 5:59 PM IST

ৰঙিয়া,22 জুন: মঙবাৰে প্ৰতিবাদ মুখৰ হৈ পৰিল ৰঙিয়া ৷ এইবাৰ ৰঙিয়াত প্ৰতিবাদত বহিল নিখিল ভাৰত কৃষক সভা ৷ ৰঙিয়াৰ শ্ৰমিক ভৱন প্ৰাংগনত নিখিল ভাৰত কৃষক সভাৰ কামৰূপ জিলাৰ সদস্যসকলে শাসনাধীস্থ চৰকাৰ খনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ৰাজ্যত এফালে কৰ’ণা মহামাৰীৰ সন্ত্ৰাস, আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জৰুলা কৰিছে ৰাজ্যৰ সৰ্ব-সাধাৰণ জনতাক ৷ ইয়াৰ মাজতে আকৌ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ তৎপৰ হৈছে ৰাজ্যৰ প্ৰশাসনো ৷ ক’ভিড মহামাৰীৰ এই ভয়াবহতাৰ সময়তে ৰাজ্যৰ প্ৰশাসনে কৰা এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰঙিয়াৰ নিখিল ভাৰত কৃষক সভা ৷

ৰঙিয়াৰ নিখিল ভাৰত কৃষক সভাৰ দাবী,‘‘ অমানৱীয়ভাৱে আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে কৰা উচ্ছেদ, আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধৰ লগতে কৃষি আৰু কৃষক বিৰোধী তিনি আইন বাতিল কৰক’’ ৷

মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰঙিয়াত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

ৰাজ্যবাসীক ক’ভিডে জুৰুলা কৰাৰ সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত কোঙা হৈ পৰিছে সাধাৰণ জনতা ৷ এই ক্ষেত্ৰত ৰাজ্যৰ যোগান মন্ত্ৰী গৰাকীক প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে নিখিল ভাৰত কৃষক সভাই ৷ যোগান মন্ত্ৰীগৰাকীক অনতি পলমে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈকো আহ্বান জনাইছে ৷

ইফালে কেৱল অত্যাৱশ্যকীয় সামগ্ৰীয়ে নহয়, ৰাজ্যত বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্যও ৷ পেট্ৰ'ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিয়েও এতিয়া ৰাইজক জলা-কলা খুৱাইছে ৷ ৰাজ্যত পেট্ৰ'ল-ডিজেল তথা অন্যান্য সামগ্ৰীৰ আকাশলংঘী মূল্যই সাধাৰণ ৰাইজক জীৱন যাপন কৰাত সংকট নমাই আনিছে ।

লগত পঢ়ক: বিদ্যুৎ চুৰি কাৰ্যত জড়িত সকলক কঠোৰ সকিয়নী শক্তিমন্ত্ৰী বিমল বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.