ETV Bharat / state

যান জঁটৰ সমস্যাঃ 16 নৱেম্বৰৰ পৰা ৰঙিয়াত প্ৰযোজ্য নতুন নিয়ম - দুচকীয়া বাহন

ৰঙিয়াত প্ৰযোজ্য হ'ব নতুন নিয়ম ৷ যান জঁটৰ সমস্যা সমাধানৰ বাবে কাৰ্যকৰী কৰা হ'ব এই নিয়ম ৷

New rules will be applicable in Rangia from November 16 to solve traffic problems
যান জঁটৰ সমস্যাঃ 16 নৱেম্বৰৰ পৰা ৰঙিয়াত প্ৰযোজ্য নতুন নিয়ম
author img

By

Published : Nov 7, 2020, 8:08 AM IST

ৰঙিয়া, 7 নৱেম্বৰ : ৰঙিয়াত যান জঁটৰ সমস‍্যা সমাধানৰ বাবে 16 নৱেম্বৰৰ পৰা প্ৰযোজ্য হ'ব কেইবাটাও নিয়ম ৷ শুকুৰবাৰে মহকুমাধিপতি কাৰ্য‍ালয়ৰ সভা কক্ষত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে ।

নিয়ম অনুসৰি,দিনৰ 10 বজাৰ পৰা আবেলি 4 বজালৈ ৰঙিয়া SBI বেংকৰ সন্মুখেৰে যোৱা মহাত্মা গান্ধী পথ,হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখৰ পৰা ভূটান ৰোড পুলিচ পইণ্টলৈ আৰু ঈদগাহ ময়দানৰ পৰা ভূটান বাছষ্টেণ্ডলৈ ই-ৰিক্সা সোমাব নোৱাৰিব । লগতে, কামৰূপ জিলাৰ পঞ্জীয়ন নথকা কোনো ই-ৰিক্সা ৰঙিয়াৰ ৰাজপথত চলাবলৈ দিয়া নহ'ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ই-ৰিক্সা চলাচল বন্ধ কৰা হ'ব বুলি জানিবলৈ দিয়ে মহকুমাধিপতীয়ে । ইফালে,ঈদগাহ ময়দানৰ পৰা ৰে'লৱে লেভেল ক্ৰছিঙলৈ থকা পথছোৱাত গধূলি 6 বজালৈ তিনিচকীয়া আৰু চাৰিচকীয়া বাহনৰ পাৰ্কিং বন্ধ থাকিব । ৰঙিয়া নগৰৰ সকলো দোকান,ৰেষ্টোৰা আৰু বজাৰত দেওবাৰৰ বাহিৰে সপ্তাহটোৰ বাকী 6 দিনত ৰাতিপুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ সকলো ধৰণৰ সামগ্ৰীৰ লোডিং বন্ধ থাকিব ।

লগতে পঢ়ক : চৰকাৰৰ আৰ্চেনিক মুক্ত পানীৰ আঁচনিক লৈ মন্ত্ৰী ৰিহন দৈমাৰীৰ বৈঠক

আনহাতে,ৰঙিয়া-ভূটান বাছষ্টেণ্ডত থকা ৰাজহুৱা পাৰকিঙটো ৰাষ্ট্ৰীয় ঘাইপথৰ ফ্লাই অভাৰৰ তলত থকা খালী ঠাইলৈ স্থানান্তৰিত কৰিবলৈ মহকুমা প্ৰশাসনে জিলা প্ৰশাসনৰ অনুমতি বিচাৰিছে বুলিও সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে । অনুমতি লাভ কৰাৰ পিচতে ভূটান বাছষ্টেণ্ডত দুচকীয়া বাহনৰ পাৰ্কিঙৰ ব‍্যৱস্থা কৰা হ'ব । ইয়াৰ উপৰিও,ৰঙিয়া নগৰৰ পাঁচটা মূলপথ ONE WAY কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ।

উল্লেখ্য যে,এই সকলো নিয়মাৱলী 16 নৱেম্বৰৰ পৰা ৰঙিয়াত প্ৰযোজ্য হ'ব ।

লগতে পঢ়ক : খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ নতুন আইন সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.