বাইহাটা, 16 নৱেম্বৰঃ কামৰূপৰ কমলপুৰ স্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চাঞ্চল্য ৷ চিকিৎসকৰ বিৰুদ্ধে জীৱিত সদ্যজাত শিশুক ডাষ্টবিনত পেলাই দিয়াৰ অভিযোগ ৷ পাৰবিনা বিভি নামৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুত্বৰ অভিযোগ ৷ এগৰাকী যুৱতীৰ অবৈধ মাতৃত্বৰ বদনাম ঢাকিবলৈকে চিকিৎসকে এই কাৰ্য সংঘটিত কৰা বুলি জালিবলৈ দিয়ে একাংশ স্থানীয় লোকে ৷ প্ৰথম অৱস্থাত ডাষ্টবিনৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল যদিও প্ৰায় চাৰি ঘণ্টাৰ পাছত মৃত্যু হয় সদ্যজাত শিশুটিৰ ৷ অৱশ্য সমগ্ৰ ঘটনাৰ সত্যতা অস্বীকাৰ কৰিছে চিকিৎসক পাৰবনা বিভিয়ে ৷
ইপিনে ঘটনা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবিদকৰ লগত বাক-বিতণ্ডাত লিপ্ত হয় চিকিৎসক লক্ষ্য জ্যোতি বৰদলৈ ৷ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে চিকিৎসালয়খনৰ পৰিৱেশ ৷ পিছত কমলপুৰ আৰক্ষী চিকিৎসালয়ত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ অৱশ্য, জীৱিত শিশুক ডাষ্টবিনত পেলাই দিয়াৰ অভিযোগৰ সত্যাতা এতিয়াও সন্দেহৰ অৱৰ্তত ৷