ETV Bharat / state

শক্তি বিভাগৰ গাফিলতিত আতংকিত ৰঙিয়াবাসী - বাঁহৰ খুঁটা

ৰঙিয়াত শক্তি বিভাগৰ অন্তৰ্গত নবোদয় ফিডাৰৰ চৰম দায়িত্বহীনতা । বাঁহৰ খুঁটাৰে টনা হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰ বিপজ্জনকভাৱে ওলমি থকাত যিকোনো মুহূৰ্ততে ভয়াৱহ দুৰ্ঘটনা হোৱাৰ আশংকাই দেখা দিছে অঞ্চলটোত ।

শক্তি বিভাগৰ গাফিলতিত আতংকিত ৰঙিয়াবাসী
author img

By

Published : Aug 8, 2019, 5:12 PM IST

ৰঙিয়া, 8 আগষ্টঃ শক্তি বিভাগৰ অধীনৰ নবোদয় ফিডাৰৰ চূড়ান্ত দায়িত্বহীনতা ৷ ১ নং তুলসীবাৰীৰ পৰা গোপাল মাৰলী থানলৈ যোৱা পথৰ কাষত বাঁহৰ খুঁটাৰে টনা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী উন্মুক্ত তাঁৰে ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোলৈ । যিকোনো মুহূৰ্ততে ভয়াৱহ দুৰ্ঘটনা হোৱাৰ আশংকাই দেখা দিছে অঞ্চলটোত । ইমানৰ পিছতো গা লৰা নাই শক্তি বিভাগৰ । এনে এক গুৰুতৰ সমস্যাতো বিভাগটোৱে কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ।

শক্তি বিভাগৰ গাফিলতিত আতংকিত ৰঙিয়াবাসী

উল্লেখ্য যে বিভাগটোৰ হেমাহিৰ বাবে বিপজ্জনকভাৱে এনেদৰে ওলমি থকা তাঁৰত বিদ্যুতৰ স্ফুলিংগৰ সৃষ্টি হোৱাত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় । বিভাগটোক এই সন্দৰ্ভত অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷

Intro:ৰঙিয়াত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা ঘটিব পাৰে বিদ‍্যুৎ বিভাগৰ গাফিলতিৰ বাবেBody:ৰঙিয়াত বিদ্যুৎ বিভাগৰ অন্তৰ্গত এনজিঅ'ৰ চূড়ান্ত দায়িত্বহীনতা । বাঁহৰ খুঁটাৰে টানা হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁঁৰ বিপজ্জনকভাৱে ওলমি আছে। এই দৃশ্য ৰঙিয়াৰ ১ নং তুলসীবাৰীৰ । বিদ্যুৎ বিভাগৰ অধীনস্থ নবোদয় ফিডাৰৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰে ১ নং তুলসীবাৰীৰ পৰা গোপাল মাৰলী থানলৈ যোৱা পথটোৰ কাষেৰে পকী খুঁটাৰ পৰিবৰ্তে বাঁহৰ খুঁটাৰে টানা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী উন্মুক্ত তাঁৰে অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে । যিকোনো মুহূৰ্ততে ভয়াবহ দুৰ্ঘটনা হোৱাৰ আশংকাই দেখা দিছে । ইমানৰ পিছতো গা লৰা নাই বিদ্যুৎ বিভাগৰ । এনে এক গুৰুতৰ সমস্যাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে । এফালে বিদ্যুৎ কৰ্তনে ৰাইজক জ্বলা-কলা খুৱাই থকাৰ বিপৰীতে আনফালে জখলা সদৃশ কেঁচা বাঁহেৰে হাই ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰ টনাকলৈ ক্ষুব্ধ ৰাইজে অসন্তুষ্টি ব্যক্ত কৰে । উল্লেখ্য যে এই বিদ্যুৎ পৰিবাহী তাঁৰবোৰ ইমানেই তললৈ নামি গৈছে যে হাত মেলিলেই চুই দিব পৰা যায় । ৰাইজে অতি শীঘ্ৰে ওখকৈ পকী খুঁটাত তাঁৰবোৰ টনাৰ বাবে দাবী জনায় । যোৱা নিশা অকৰ্মণ্য বিভাগটোৰ হেমাহিৰ বাবে বিপজ্জনকভাৱে এনেদৰে ওলমি থকা তাঁৰত বিদ্যুতৰ স্ফুলিংগৰ সৃষ্টি হোৱাত অঞ্চলটোত এক আতংকময় পৰিবেশে বিৰাজ কৰে । বিদ্যুৎ বিভাগক এই সন্দৰ্ভত অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভৰ সৃষ্টি হৈছে । বিদ্যুৎ বিভাগে এনেদৰে অঞ্চলটোৰ ৰাইজৰ জীৱনকলৈ হেতালি খেলা কাৰ্যক ধিক্কাৰ দিয়ে গঞাই । এই ক্ষেত্ৰত শক্তিমন্ত্ৰীক উপযুক্ত ব্যৱস্থা লৈ ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী জনায় ।

BITE : PublicConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.