ETV Bharat / state

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত ৰঙিয়াৰ ছাত্ৰৰ নাম - COVID 19

লক ডাউনৰ সময়ত ঘৰতে আৱদ্ধ থাকি একান্ত চেষ্টা আৰু প্ৰচেষ্টাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হ’ল ধনজিৎ মল্ল বৰুৱা ৷ ধনজিতৰ এই কৃতিত্বক লৈ সমগ্ৰ ৰঙিয়াত আনন্দৰ লহৰ বৈছে ।

Name of a student from Rangiya included in India Book of Records
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত ৰঙিয়াৰ এগৰাকী ছাত্ৰৰ নাম
author img

By

Published : Aug 19, 2021, 2:02 PM IST

ৰঙিয়া, 19 আগষ্ট : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে ৰঙিয়াৰ এগৰাকী ছাত্ৰৰ নাম ৷ ছাত্ৰগৰাকীয়ে এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যাৰে লিখি অভিলেখ গঢ়িছে ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হোৱা ছাত্ৰগৰাকী ৰঙিয়াৰ মুৰাৰা খৈৰাবাৰীৰ ধনজিৎ মল্ল বৰুৱা ৷

উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ধনজিৎ মল্ল বৰুৱাই লক ডাউনৰ সময়ত ঘৰতে আৱদ্ধ হৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু প্ৰতিবাৰেই মুখ ঠেকেচা খাইছিল যদিও মনোবল নেহেৰুৱাই চেষ্টা অব্যাহত ৰাখিছিল ধনজিতে । অৱশেষত চাৰিবাৰৰ অন্ততঃ এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি উলিওৱা বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ দ্বাৰা সন্মানিত হৈছে ধনজিত ।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত ৰঙিয়াৰ এগৰাকী ছাত্ৰৰ নাম

ইয়াৰ পূৰ্বে চেন্নাইৰ এগৰাকী যুৱতীয়ে এক মিনিটৰ ভিতৰত ১ ৰ পৰা ৬৯ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিছিল । কিন্তু সেই যুৱতীগৰাকীকো চেৰ পেলাই ধনজিতে এক মিনিটত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই মানপত্ৰ, বঁটা, কলম আৰু পৰিচয় পত্ৰৰে সন্মানিত কৰে ধনজিৎ মল্ল বৰুৱাক । অনাগত দিনত গিণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিব ছাত্ৰজনে । ধনজিতৰ এই কৃতিত্বক লৈ এতিয়া সমগ্ৰ ৰঙিয়াত আনন্দৰ লহৰ বৈছে ।

লগতে পঢ়ক : পহিলা চেপ্টেম্বৰত আৰম্ভ হ’ব অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.