ETV Bharat / state

নগৰবেৰাৰ পৰম্পৰাগত ৰাস মহোৎসৱৰ শুভাৰম্ভণি - ৰাস মহোৎসৱ

শনিবাৰৰ পৰা নগৰবেৰাত আৰম্ভ 88 সংখ্যক আঞ্চলিক ৰাস মহোৎসৱ । কৰ’ণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি 5 দিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব ৰাস মহোৎসৱ ৷ প্ৰতিগৰাকী ধৰ্মপ্ৰাণ ব্যক্তিক মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনায় ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে ।

nagarbera raas mahotsav
নগৰবেৰাত ৰাস মহোৎসৱ
author img

By

Published : Nov 29, 2020, 2:28 PM IST

বকো,29 নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে পৰম্পৰাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷ শনিবাৰৰ পৰা বকোৰ নগৰবেৰাতো আৰম্ভ হৈছে 88 সংখ্যক আঞ্চলিক ৰাস মহোৎসৱ । 5 দিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে উদযাপন কৰা হ’ব নগৰবেৰাৰ ৰাস মহোৎসৱ । কিন্তু কৰ’ণা মহামাৰীৰ বাবে এইবাৰ ৰাসত নাথাকিব পূৰ্বৰ দৰে উছাহ-উদ্দীপনা । এইবাৰ দেখা পোৱা নাযাব সাংস্কৃতিক সন্ধিয়াৰ আনন্দ উল্লাস ।

nagarbera raas mahotsav
নগৰবেৰাত ৰাস মহোৎসৱ

নগৰবেৰাৰ বিশিষ্ট সমাজ কৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক মদন পাঠকে মহোৎসৱৰ দ্বাৰ মুকলি কৰাৰ পাচতে ৰাস মহোৎসৱৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই ধৰ্মধ্বজা উত্তোলন কৰি ঐতিহ্যমণ্ডিত নগৰবেৰা ৰাস মহোৎসৱৰ শুভাৰম্ভণি কৰে । আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উদযাপন কৰা হ’ব নগৰবেৰা ৰাস মহোৎসৱ ।

nagarbera raas mahotsav
নগৰবেৰাত ৰাস মহোৎসৱ

ৰাস মেলাত উপস্থিত হ’বলগীয়া প্ৰতিগৰাকী ধৰ্মপ্ৰাণ ব্যক্তিক ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনায় ।

nagarbera raas mahotsav
নগৰবেৰাত ৰাস মহোৎসৱ

লগতে পঢ়ক : জোনাইত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ প্ৰতিযোগিতাৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.