ৰঙিয়া,28 এপ্ৰিল: ৰঙিয়াৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুই জোকাৰিছে সমগ্ৰ অঞ্চল ৷ মঙলবাৰে সন্ধিয়া ৰঙিয়াৰ দক্ষিণ শিঙৰীয়াৰ এটি সন্তানৰ মাতৃ ৰিমা দাসৰ মৃতদেহ নিজ কোঠাত চীপ লোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পাচতে স্বামীৰ পৰিয়াললৈ অভিযোগ উত্থাপন কৰিছে ৰিমাৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকসকলে ৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, 3 বছৰীয়া সন্তানৰ মাতৃ ৰিমা দাসক স্বামী জিতু দাসে দীৰ্ঘদিনৰ পৰা নানান ধৰণে মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে প্ৰায়ে যৌতুক বিচাৰি অকথ্য নিৰ্যাতন চলাই আহিছিল ৷ তাঁতশালৰ ব্যৱসায়ী জিতু দাসে সামান্য কথাতে সন্দেহ কৰি পত্নীক শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল ৷ মানসিক আৰু শাৰীৰিক অশান্তিৰ চাপতে ৰিমা দাসে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত খবৰ দিয়া হৈছে ৰঙিয়া আৰক্ষীক ৷
লগতে পঢ়ক: ১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য