ETV Bharat / state

অসমক বানমুক্ত কৰিবলৈ বিজেপি চৰকাৰ সংকল্পবদ্ধ: সাংসদ দিলীপ শইকীয়া

author img

By

Published : Jun 26, 2022, 12:43 PM IST

বানমুক্ত কৰিবলৈ বিজেপি চৰকাৰ সংকল্পবদ্ধ । বানমুক্ত অসম গঢ়াৰ বাবে দীৰ্ঘম্যাদী কাম হাতত লৈছে বিজেপি চৰকাৰে । কমলপুৰত উপস্থিত হৈ সাংসদ দিলীপ শইকীয়াই কৰে এই মন্তব্য(MP Dilip Saikia comments on permanent flood solution) ৷

MP Dilip Saikia comments on permanent flood solution
অসমক বানমুক্ত কৰিবলৈ বিজেপি চৰকাৰ সংকল্পবদ্ধ: সাংসদ দিলীপ শইকীয়া

বাইহাটা, 26 জুন : বানমুক্ত অসম গঢ়াৰ সংকল্পৰে অসমত বিজেপিয়ে শাসনভাৰ গ্ৰহণ কৰিছে । সেয়ে ৰাজ্যখনক বানমুক্ত কৰিবলৈ বিজেপি চৰকাৰ সংকল্পবদ্ধ । কিন্তু ইয়াৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন । বানমুক্ত অসম গঢ়াৰ বাবে বৰ্তমান চৰকাৰে দীৰ্ঘম্যাদী কাম হাতত লৈছে । নিশা কামৰূপ জিলাৰ কমলপুৰ সমষ্টিত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এই মন্তব্য কৰে(MP Dilip Saikia comments on permanent flood solution) ।

সমষ্টিটোৰ দালাঙ মিলন উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি সাংসদগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত বুজ লয় । সংহাৰী বানৰ বাবে বিদ্যালয়খনত আশ্ৰয় গ্ৰহণ কৰা 80 টা পৰিয়ালৰ সৈতে মত বিনিময় কৰি সাংসদগৰাকীয়ে সাহাৰ্য সামগ্ৰী প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো কাৰ্পণ্য কৰা নহয় বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে ।

সাংসদগৰাকীয়ে কয় যে, বিগত ত্ৰিশ বছৰৰ অন্তত এইবেলি এনে প্ৰলয়ংকাৰী বান হৈছে । চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়ৰ বাবে অসমৰ বান পৰিস্থিতি শোচনীয় হৈছে । কিন্তু বানমুক্ত অসম গঢ়াৰ হকে বিজেপি চৰকাৰে কাম কৰি আছে আৰু এইক্ষেত্ৰত চৰকাৰ সফল হ'ব । বানাক্ৰান্ত ৰাইজক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰি সাংসদগৰাকীয়ে আশ্ৰয় শিবিৰত থকা লোকসকলক কিছু সাহাৰ্য সামগ্ৰীও প্ৰদান কৰে ৷

লগতে পঢ়ক : কৃত্ৰিম বান ৰোধৰ বাবে যোৰহাট জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.