ETV Bharat / state

সেনাৰ মেজৰ জেনেৰেলৰ বাসগৃহৰ দেৱাল ভাঙিলে একাংশ লোকে

জাননী প্ৰেৰণ নকৰাকৈয়ে জনতাই ভাঙিলে মেজৰ জেনেৰেলৰ বাসভৱনৰ দেৱাল ৷

author img

By

Published : Apr 24, 2019, 12:30 PM IST

মৰেল পুলিচৰ কবলত সেনাৰ মেজৰ জেনেৰেল

আজাৰা, 24এপ্ৰিলঃ দক্ষিণ কামৰূপত ভাৰতীয় সেনাৰ মেজৰ জেনেৰেলৰ ঘৰৰ দেৱাল ভাঙিলে ৰাইজে ৷ জানিব পৰামতে দক্ষিণ কামৰূপৰ ৰামপুৰ সুজনপাৰাত সংঘটিত হৈছে এই ঘটনা ৷ ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল পদত অধিষ্ঠিত ভাস্কৰ কলিতাৰ বাসভৱনত একাংশ লোকে পথ পকীকৰণৰ জৰীপৰ নামত ভাঙি পেলাই ভাস্কৰ কলিতাৰ চৌহদত থকা পকী দেৱাল ৷ এই ঘটনাত পৰিয়ালৰ লোকে বাধা দিয়া সত্বেও বাধা নামানি বুলডজাৰ চলাই চকুৰ পচাৰতে ভাঙি পেলাই দেৱালখন ৷

সেনাৰ মেজৰ জেনেৰেলৰ বাসগৃহৰ দেৱাল ভাঙিলে একাংশ লোকে

উল্লেখ্য যে, প্ৰায় 3 মাহ পূৰ্বে পকীকৰণ সম্পূৰ্ণ হৈছিল অঞ্চলটোত ৷ তাৰ পাচতেই পুনৰ পকীকৰণৰ নামত পৰিয়ালটোক নিজৰ দেৱাল পিছুৱাবলৈ ৰাইজে বান্ধি দিছিল তিনিদিনৰ সময়সীমা ৷ কিন্তু বান্ধি দিয়া সময়সীমা সম্পূৰ্ণ নৌহওতেই দেৱাল ভাঙি দিয়াৰ ঘটনাত মৰ্মাহত হৈছে পৰিয়ালটো ৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে দেৱাল পিছুৱাবলৈ প্ৰশাসনে পৰিয়ালটোলৈ প্ৰেৰণ কৰা নাছিল কোনোধৰণৰ জাননী ৷ একদৰে দেৱাল ভাঙি পেলোৱাৰ সময়তো ঘটনাস্থলীত উপস্থিত নাছিল আৰক্ষী তথা প্ৰশাসনৰ কোনো লোক ৷ ঘটনা সন্দৰ্ভত পলাশবাৰী থানাত মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পৰিয়ালে দাখিল কৰিছে এক এজাহাৰ ৷

Slug:-A_Kam_Moral_Police_at_Major_General_House_801-804_vis+bite+photo_Ajay_Das

ৰাজ্যৰ সঘনাই বৃদ্ধি পাইছে মৰেল পুলিচগিৰিৰ ঘটনা । এইবাৰ মৰেল পুলিচগিৰৰ কৱলত পৰিল  ভাৰতীয় সেনাৰ মেজৰ জেনেৰেলৰ পৰিয়াল । মৰেল পুলিচৰূপী ৰাইজে ভাঙিলে পৰিয়ালৰ ৱাল ।

Vo..ৰাজ্যত সঘনাই বৃদ্ধি পাইছে মৰেল পুলিচগিৰিৰ ঘটনা । এইবাৰ মৰেল পুলিচগিৰৰ কৱলত পৰিল  Indian Armyৰ মেজৰ জেনেৰেলৰ পৰিয়াল । হয়,এই ঘটনা দক্ষিণ কামৰূপৰ ৰামপুৰ সুজনপাৰাৰ । অসম সন্তান ভাস্কৰ কলিতা বৰ্তমান ভাৰতীয় সেনা বাহিনীৰ মেজৰ জেনেৰেল পদত অধিস্থিত আৰু মেজৰ জেনেৰলৰ ৰামপুৰত থকা বাসস্থানটিৰ ৱাল একাংশ উত্তেজিত ৰাইজে জোৰ-জোৱদস্তি কৰি ভাঙি পেলায় এই অভিযোগ মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পৰিয়ালৰ । পথ পকীকৰন জৰীপৰ নামত ৰাইজৰ একাংশ উত্তেজিত লোকে বুলডোজাৰ লগাই ভাঙি দিয়ে মেজৰ জেনেৰেলৰ পৰিয়ালৰ লগতে চুবুৰীয়া দুঘৰৰ ৱাল । উল্লেখ্য যে পথ পকীকৰনৰ জৰীপৰ নামত ৰাইজৰ সন্মতিত পৰিয়ালে আগতেই পিছুৱাইছিল নিজৰ বেৰসমুহ তাৰপিছতো এনেদৰে উত্তেজিত একাংশ লোকে নিজ খুছি ম'তে ৱাল ভাঙিলে । আনহাতে ইতিমধ্যে প্ৰায় ৩ মাহ পূৰ্বে পকীকৰন হৈ গৈছিল অঞ্চলটোৰ পথটি তাৰপিছতো ৰাইজৰ একাংশই নিজাববীয়াকৈ এখন পত্ৰ প্ৰেৰণ কৰি ৩ দিনৰ সময়সীমা বান্ধি দি পৰিয়ালক অৱগত নকৰাকৈ এনেদৰে ভাঙি থৈ গ'ল ৱাল সমুহ ।

Bite..ভাস্কৰ পিতৃ ।

হয়,পৰিয়ালৰ অভিযোগ পকীকৰন হৈ যোৱা পথটিৰ বাবে এই সন্দৰ্ভত ৩ দিনৰ সময়সা বান্ধি ৰাইজৰ তৰফৰ পৰা হে পত্ৰ প্ৰেৰণ কৰিছিল বৃদ্ধ পৰিয়ালটিলৈ প্ৰশাসনৰ তৰফৰ পৰা কোনো পত্ৰ পোৱা নাছিল পৰিয়ালটিয়ে । আনকি এই জৰীপৰ সময়চোৱাত উপস্থিত নাছিল আৰক্ষী প্ৰসাশনৰ লোক । একাংশ ৰাইজে পৰিয়ালৰ লোকক অপদস্ত কৰাৰ লগতে ভাস্কৰ কলিতাৰ পিতৃৰ মানসিক ভাৱে চাপ পৰাত ৰোগীয়া পিতৃৰ সেইসময়ত বৃদ্ধি হৈছিল ৰোগ ।

Bite..পৰিয়ালৰ লোক ।

যদিহে প্ৰশাসনৰ তৰফৰ পৰা কোনো জাননী নাছিল তেন্তে ৰাইজে কিয় ভাঙিলে মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পৰিয়ালটিৰ লগতে দুঘৰৰ ৱাল ? অসমবাসীক উৎফুল্লিত কৰি ভাৰতীয় সেনাবাহিনীৰ মেজৰ জেনেৰেল ৰূপে কৰ্মৰত এই অসম সন্তানটিক যি সময়ত সমগ্ৰ ৰাষ্ট্ৰই সন্মান জনায় সেই সময়তে ৰামপুৰ সুজনপাৰাৰ ৰাইজ নিজৰ মই মতালিত কিয় ভাঙিলে ৱাল ? নে এয়া ব্যক্তিগত খুছি ? জানিব পৰম'তে পৰিয়ালৰ লোকে আৰক্ষীক ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰৰ ভিত্তিত পলাশবাৰী থানাত ১৬৫/১৯ নং ৰুজু হৈছে গোচৰ লগতে মেজৰ জেনেৰেল গৰাকীও অসম চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণৰ যো-জা চলাইছে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.