গুৱাহাটী, 7 নৱেম্বৰঃ ৰাজকোষৰ কোটি টকা শৰাধ কৰি ৰাজ্য চৰকাৰে মহানগৰীত আয়োজন কৰিছে পুষ্কৰ মেলাৰ ৷ ব্ৰহ্মপুত্ৰৰ পাৰত বাৰ দিনীয়া কাৰ্যসূচীৰে চলিছে পুস্কৰ মেলা 2019 ৷ 5 নৱেম্বৰৰ পৰা 12 নৱেম্বৰলৈ চলিবলগীয়া পুষ্কৰ মেলাৰ ফলত ভৰলু নৈৰ বিষাক্ত পানী মৰা ভৰলু হৈ দ্বীপৰ বিলত প্ৰৱেশ কৰিছে ৷ মৰা ভৰলুৰ নৈৰ বিষাক্ত পানীৰ ফলত প্ৰদূষিত হৈছে দ্বীপৰ বিল ৷ মহানগৰীৰ প্ৰায়বোৰ অলাগতিয়াল জাৱৰ-জোথৰ, মৰা জীৱ জন্তু আহি জমা হৈছে দ্বীপৰ বিলত ৷ মৰা ভৰলুৰ পৰা অহা প্ৰদূষিত পানীৰ ফলত দ্বীপৰ বিলৰ মাছ-কাছৰ লগতে জলচৰ প্ৰাণী সমূহলৈ ভাবুকি নামি আহিছে ৷
কিন্তু প্ৰশ্ন হয়, ভৰলুৰ পানী বন্ধ কৰি ব্ৰহ্মপুত্ৰত নেপেলাই কিয় দ্বীপৰ বিলত পেলাই ভাবুকি সৃষ্টি কৰিছে ? ৰাজকোষৰ ধন খৰচ কৰি আয়োজন কৰা নামামি ব্ৰহ্মপুত্ৰ, পুষ্কৰ মেলাই সচাকৈয়ে প্ৰদূষণমুক্ত কৰিব পাৰিব নে ব্ৰহ্মপুত্ৰক ! নে ফুটুকাৰ ফেনত পৰিণত হ'ব এইবোৰ অভিলাষী আঁচনি ৷ স্মাৰ্ট চিটি পৰিকল্পনাৰ অধীনত দ্বীপৰ বিলক কিমান দূৰ উন্নয়ন সাধিছে ৰাজ্য চৰকাৰে ৷