ETV Bharat / state

ভূপেন বৰাই নিজৰ ঘৰখন ঠিক কৰিহে ৰাইজৰ মাজলৈ যাওক: দিগন্ত কলিতা

author img

By

Published : Apr 30, 2022, 3:32 PM IST

শনিবাৰে কমলপুৰ সমষ্টিৰ ভেহবাৰীৰ দীৰ্ঘ দিনীয়া গৰাখহনীয়া সমস্যা সমাধানৰ বাবে বিধায়ক দিগন্ত কলিতাই উন্মোচন কৰে মথাউৰি নিৰ্মাণৰ শিলান্যাস ৷ এই অনুষ্ঠানতেই কংগ্ৰেছ সভাপতি ভূপেন বৰাক কটু ভাষাৰে সমালোচনা কৰে কমলপুৰৰ বিধায়কগৰাকীয়ে (MLA Diganta Kalita takes a jibe on APCC president) ৷

mla-diganta-kalita-takes-a-jibe-on-apcc-president-bhupen-borah
বিধায়ক দিগন্ত কলিতাই উন্মোচন কৰে মথাউৰি নিৰ্মাণৰ শিলান্যাস

বাইহাটা, 30 এপ্ৰিল : '' কংগ্ৰেছ সভাপতি ভূপেন বৰাই প্ৰথমে নিজৰ ঘৰ খন ঠিক কৰি লওক, তাৰ পিচত ৰাইজৰ মাজলৈ যাওক । নিজৰ ঘৰ যদি ঠিকে নাথাকে ৰাইজৰ মাজলৈ গৈ লাভ নাই '' , এই মন্তব্য কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ (MLA Diganta Kalita take on APCC president) ৷

ভূপেন বৰাই নিজৰ ঘৰখন ঠিক কৰিহে ৰাইজৰ মাজলৈ যাওক: দিগন্ত কলিতা

‘‘এফালে ভূপেন বৰাই গৈছে ৰাইজৰ মাজলৈ আৰু আনফালে শৰৎ বৰকটকীয়ে ৰাজীৱ ভৱনত তেওঁলোকৰ দলটো শেষ হৈ গৈছে বুলি কৈ আছে ৷ আনকি নিজৰ দলৰ মাজতেই কোনো আলোচনা নহয় বুলি কৈছে’’ ৷ শনিবাৰে সংবাদ মাধ্যমক উদ্দেশ্যি এই মন্তব্য কৰে কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, শনিবাৰে কমলপুৰ সমষ্টিৰ ভেহবাৰীৰ দীৰ্ঘ দিনীয়া গৰাখহনীয়া সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰে এখন বিশেষ আঁচনি ৷

কংগ্ৰেছ সভাপতি ভূপেন বৰাক কটু ভাষাৰে সমালোচনা কৰে কমলপুৰৰ বিধায়কগৰাকী

এই আঁচনিৰ শিলান্যাস উন্মোচন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷ অসম চৰকাৰৰ এই আঁচনিৰ জৰিয়তে ভেহবাৰীৰ দীৰ্ঘ দিনীয়া গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধান হ’ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ লগতে তেওঁ কয় যে, কেৱল ভেহবাৰীয়েই নহয়, ৰাজ্যৰ গৰাখহনীয়া প্ৰৱণ সকলো অঞ্চলৰেই সমস্যা সমাধান হ’ব ৷ এই অনুষ্ঠানতে বিধায়ক গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰবীণ ব্যৱসায়ী ৰতন টাটাক উপহাৰ দিয়া গামোচাৰ বিতৰ্কৰ সন্দৰ্ভতো এক ব্যাংগাত্মক মন্তব্য কৰা দেখা যায় ৷

লগতে পঢ়ক : নিৰ্বাচনকেন্দ্ৰিক সংঘাতত উত্তপ্ত জগন্নাথ মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.