ETV Bharat / state

সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য: সৰৱ সংখ্যালঘু পৰিষদ

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ বিৰূপ তথা আপত্তিজনক মন্তব্য কৰিছিল মোল্লা ইমৰান নামৰ এগৰাকী যুৱকে ৷ এই লৈ ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে মোল্লা ইমৰান নামৰ যুৱক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে সংখ্যালঘু নেতা তবিবৰ ৰহমানেও ৷

author img

By

Published : Jun 1, 2021, 7:00 AM IST

সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য: সৰৱ সংখ্যালঘু পৰিষদ
সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য: সৰৱ সংখ্যালঘু পৰিষদ

বাইহাটা,1 জুন: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ বিৰূপ তথা আপত্তিজনক মন্তব্য প্ৰদান কৰিছিল মোল্লা ইমৰান নামৰ এগৰাকী যুৱকে ৷ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা যুৱক জনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ উদ্দেশ্যে সোমৰবাৰে চাংসাৰি আৰক্ষী থানাত সংখ্যালঘু নেতা তবিবৰ ৰহমানে দাখিল কৰিলে এখন এজাহাৰ ৷

সংখ্যালঘু নেতা তবিবৰ ৰহমানে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে এগৰাকী ব্যক্তিৰ বিৰুদ্ধে গোৱালপাৰৰ মোল্লা ইমৰান নামৰ যুৱকজনে ফেচবুকত যি ধৰণৰ ঘৃণানীয় বাক্য ব্যৱহাৰ কৰি পোষ্ট দিছে, তাক কেতিয়াও সহজভাৱে লোৱাটো উচিত নহয়। এনে উশৃংখল যুৱকক গ্ৰেপ্তাৰ কৰাই নহয়, কঠোৰতম শাস্তি প্ৰদান কৰা উচিত । যুৱকজনৰ এই নিন্দনীয় কাৰ্যক ধীক্কাৰ দিলে সংখ্যালঘু নেতাগৰাকীয়ে ৷

ইফালে কাল কৰ’ণাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দি অহা আৰক্ষী আৰু সংবাদকৰ্মী সকলৰ মাজতো মাস্ক আৰু মিঠাই বিতৰণ কৰে সংখ্যালঘু নেতাগৰাকীৰ লগতে দলীয় কৰ্মীসকলে ৷

লগতে পঢ়ক: বাক্সাৰ কুমাৰীকাটাত গাঞ্জাসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.