আজাৰা, 31 মাৰ্চ : মঙলবাৰে বৰঝাৰ বিমানবন্দৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা নিজামুদ্দিন দৰগাহৰ তব্লিক-এ জামাতত অংশ লোৱা ১৫৭ গৰাকী অসমীয়া লোকৰ তালিকা চৰকাৰ হাতত পৰাৰ কথা উল্লেখ কৰে ৷ উক্ত স্থানত দেশ-বিদেশৰ লগতে বিভিন্ন ৰাজ্যৰ 2500 ৰো অধিক লোকে আশ্ৰয় লৈ আছিল। ফলত ধৰ্মীয় সমাবেশত উপস্থিত থকা প্ৰায় সংখ্যক লোক বৰ্তমান কভিদ 19 ৰ চিকাৰ বুলি সন্দেহ কৰা হৈছে ৷ ইতিমধ্যে এই অনুষ্ঠানত অংশ লোৱা কেবাজনো লোকৰ কভিদ 19 ৰ ফলত মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে ৷
উল্লেখ্য যে, নিজামুদ্দিন দৰগাহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল অসমৰো বহু লোকে ৷ এই সন্দৰ্ভত চৰকাৰৰ হাতত পৰা তথ্য অনুসৰি এই অনুষ্ঠানত অসমৰ সৰ্বমুঠ ৪৫০ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল । ইয়াৰ ভিতৰত ১৫৭ গৰাকী অসমীয়া লোকৰ ঠিকনা ৰাজ্য চৰকাৰে ইতিমধ্যে লাভ কৰা বুলি জানিবলৈ দিয়ে লগতে শীঘ্ৰেই সেইসকল লোকক কোৱাৰানটাইন কৰা হব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই ৷
এইক্ষেত্ৰত তৎপৰতা অব্যাহত আছে ৰাজ্য চৰকাৰৰ ৷ ইতিমধ্যে ৬ জন লোকে বিভিন্ন মাধ্যমযোগে অসমলৈ আহিছে । লগতে যিসকলে কিছুদিনৰ পাছত অসমত উপস্থিত হ'ব সকলোকে পৃথকে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ ইয়াৰোপৰি, ১৪ এপ্ৰিললৈ কোনো কাৰণতে ৰাজ্যত লকডাউন শিথিল কৰা নহয় বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷ আৱ্যশকীয় সামগ্ৰীৰ বিপনী আৰু কোম্পানীসমূহে জিলা উপায়ুক্তৰ অনুমতি লৈ দোকান খুলিব পাৰিব বুলি মঙলবাৰে স্পষ্ট কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
![নিজামুদ্দিন দৰগাহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল অসমৰো বহু লোকে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlp-zamat5-7204036_31032020182502_3103f_1585659302_942.jpg)
ইতিমধ্যে ইটিভি ভাৰতৰ হাতত কোন জিলাৰ কিমান লোক এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল তাৰ এক তালিকা আহি পৰিছে । তালিকাত উল্লেখ কৰা লোকসকল বৰ্তমানেও অসমত উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ তালিকা অনুসৰি লোকৰ সংখ্যা...
নগাঁও 31, কৰিমগঞ্জ , হাইলাকান্দি 13, বৰপেটা 12, কাছাৰ 16, নলবাৰী 6, ডিব্ৰুগড় 11, যোৰহাট 12, ধুবুৰী 17 , ধেমাজী 1, মৰিগাঁও 12, কামৰূপ 56, ইম্ফল ইষ্ট 1, কোকাৰাঝাৰ 9, গোৱালপাৰা 6, ডিমাপুৰ 2, দৰং 14 , ৰঙিয়া 2, তিনিচুকীয়া 12, লখিমপুৰ 4, শিৱসাগৰ 8, ওদালগুৰি 3, অৰুণাচল 1, বাক্সা 3, শোণিতপুৰ 6 , কাৰ্বি আংলং 4, চিৰাং 1, যোৰাবাট 2, হোজাই 1, গোলাঘাট 2
লগতে পঢ়কঃ অসমৰ প্ৰথমজন কভিদ 19 ত আক্ৰান্ত ৰোগী চিনাক্ত