গুৱাহাটী, ২৩ জুন : চৰকাৰৰ কাম-কাজবোৰক সুপৰিকল্পিতভাৱে আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাজনো বিধায়কৰ সহিতে একোজন কেবিনেট মন্ত্ৰীক লৈ 'মিত্ৰ বিধায়ক গোট' গঠন কৰিছিল । সেইমৰ্মে বুধবাৰে বিত্তমন্ত্রী অজন্তা নেওগে মিত্ৰ গোটৰ বিধায়কসকলক লৈ বৈঠকত মিলিত হয় । উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই গুজৰাটৰ আৰ্হিত ৰাজ্য পৰিচালনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷
![Minister Ajanta Neog's Meeting with Allied MLA's](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-ajanta-meeting-with-mlas-7209925_23062021192801_2306f_1624456681_904.jpg)
সেইমৰ্মে এক নিৰ্দেশনা জাৰি কৰি একোজন কেবিনেট মন্ত্ৰীৰ সৈতে তিনি-চাৰিজনীয়া বিধায়কৰ এটা দল গঠন কৰিছিল ৷ নিৰ্দেশনাটোত মাহটোৰ প্ৰতিটো দ্বিতীয় আৰু চতুৰ্থ মঙলবাৰে সংশ্লিষ্ট মন্ত্ৰীসকলে নিজা নিজা ঘৰত নৈশ ভোজৰ আয়োজন কৰাৰ কথা উল্লেখ কৰা হয় ৷ কেবিনেট মন্ত্ৰীসকলে নিজা ঘৰত আয়োজন কৰা এই ভোজমেললৈ নিজ গোটৰ বিধায়কসকলক আমন্ত্ৰণ জনাব লাগিব ৷ ইয়াৰ লগতে চৰকাৰৰ বিভিন্ন কাম-কাজৰ ওপৰত আলোচনা কৰিব লাগিব ৷
![Minister Ajanta Neog's Meeting with Allied MLA'sMinister Ajanta Neog's Meeting with Allied MLA's](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-ajanta-meeting-with-mlas-7209925_23062021192801_2306f_1624456681_156.jpg)
লগতে সেইসমূহৰ এক টোকা প্ৰতিগৰাকী মন্ত্ৰীয়ে বুধবৰীয়া কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনামৰ্মে সতীৰ্থ বিধায়ক বিজয় মালাকৰ, কৌশিক ৰয় আৰু জয়ন্ত মল্ল বৰুৱাৰ সৈতে নিজ আৱাসত মিলিত হয় মন্ত্রী অজন্তা নেওগ ৷ আটাইকেইজন মিত্ৰ বিধায়কৰ লগত একেলগে আহাৰ গ্ৰহণ কৰাৰ লগতে বিভিন্ন চৰকাৰী কাম-কাজৰ বিষয়ে আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে ৷
![Minister Ajanta Neog's Meeting with Allied MLA's](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-ajanta-meeting-with-mlas-7209925_23062021192801_2306f_1624456681_295.jpg)
উক্ত বৈঠকত ৰাজ্যখনৰ সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক, আৰ্থ-সামাজিক আৰু অন্যান্য উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে বিভিন্ন জন কল্যাণমূলক আঁচনিৰ সঠিক ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয় । ইয়াৰ লগতে বৈঠকত সতীৰ্থ বিধায়কসকলে তেওঁলোকৰ দীৰ্ঘ দিনীয়া অভিজ্ঞতাৰে বহুকেইটা গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়ায় । মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাৰে গঠিত মিত্ৰ বিধায়ক গোটৰ ইতিবাচক চিন্তা-চৰ্চা তথা ফলপ্ৰসূ পদক্ষেপসমূহে চৰকাৰৰ কাম-কাজৰ গতিক অধিক ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্রী অজন্তা নেওগে ।
লগতে পঢ়ক : নতুন পদোন্নতি নীতি 2021 অনুমোদন: খালী হ’ব বহু পদ