ETV Bharat / state

Meghalaya Assembly Election: মেঘালয়ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে উদ্বোধন নতুন উন্নয়ন খণ্ড

author img

By

Published : Nov 15, 2022, 10:30 PM IST

সমাগত মেঘালয় বিধানসভা নিৰ্বাচন (Meghalaya Assembly Elections)৷ নিৰ্বাচনৰ পূৰ্বে মেঘালয়ৰ আদগ্ৰেত মুখ্যমন্ত্ৰী কনৰাড চাংমাই উদ্বোধন কৰে এক নতুন উন্নয়ন খণ্ড (Meghalaya CM inaugurates new development block)।

Meghalaya CM inaugurates new development block
োমেঘালয় নিৰ্বাচন পূৰ্বে নতুন উন্নয়ন খণ্ড উদ্বোধন

বকো, 15 নৱেম্বৰ : অসম মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ আদগ্ৰেত মঙলবাৰে উপস্থিত হয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । আগন্তুক মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ (Meghalaya Assembly Elections) পূৰ্বে আজি এক ৰাজহুৱা অনুষ্ঠানত ভাগ লয় মুখ্যমন্ত্ৰীগৰাকী ৷ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকী আজি নৱ নিৰ্মিত আদগ্ৰে গ্ৰাম্য উন্নয়ন খণ্ড উদ্বোধন কৰে (Meghalaya CM inaugurates new development block) ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে (Meghalaya CM Conrad Sangma) ভাষণত কয় যে, এই উন্নয়ন খণ্ডৰ দ্বাৰা মেঘালয়ৰ পিছ পৰি থকা অঞ্চলসমূহৰ ৰাইজ যথেষ্ট লাভান্বিত হ’ব । লগতে এই ৰাজহুৱা অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ বহু কেইটা আত্ম সহায়ক গোটক আৰ্থিক সাহাৰ্যও প্ৰদান কৰে ৷

ইয়াৰ উপৰিও বহু কেইখন গাঁৱত ৰাজহুৱা সভাগৃহ নিৰ্মাণৰ বাবে প্ৰায় 14 লাখ টকাৰ অনুদান আগবঢ়ায় ।

উল্লেখ্য যে, আদগ্ৰেত আয়োজিত এই অনুষ্ঠানৰ আঁত ধৰে মেঘালয়ৰ খাৰকুটা সমষ্টিৰ বিধায়ক ৰুপাৰ্ট ম’মিনে । প্ৰায় পাঁচ হাজাৰ লোকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত উত্তৰ গাৰো পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক, উপায়ুক্তকে ধৰি সমূহ বিভাগৰে উচ্চ পদস্থ বিষয়া আৰু বহু কেইগৰাকী নেতাই অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক : Journalists Responsibility : সংবাদিকসকল শান্তিৰ দূত নে কেৱল বাৰ্তাবাহক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.