ETV Bharat / state

ৰঙিয়াত অসম সংগ্ৰামী মঞ্চৰ ৰাজহুৱা সভা

author img

By

Published : Dec 30, 2020, 2:49 PM IST

Updated : Dec 30, 2020, 3:16 PM IST

ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনত অসম সংগ্ৰামী মঞ্চৰ ৰাজহুৱা সভা ৷ উক্ত সভাত উপস্থিত থাকে মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ, সাংসদ অজিত কুমাৰ ভূঞা, নেত্ৰী মীৰা বৰঠাকুৰ আদি ৷

meeting of assam sangrami mancha in rangia assam etv bharat news
ৰঙিয়াত অসম সংগ্ৰামী মঞ্চৰ ৰাজহুৱা সভা

ৰঙিয়া,30 ডিচেম্বৰ: ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনৰ বাকৰিত বুধবাৰে অসম সংগ্ৰামী মঞ্চৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ নৱগঠিত দলটোৰ নেতৃবৃন্দসকল সভাত অংশগ্ৰহণ কৰাৰ অৰ্থে বুধবাৰে উপস্থিত হয় ৰঙিয়াত ৷ অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ, সাংসদ অজিত কুমাৰ ভূঞা, নেত্ৰী মীৰা বৰঠাকুৰৰ লগতে কেইবাজনো নেতা-কৰ্মীয়ে উক্ত সভাত অংশগ্ৰহণ কৰে ৷

অসম সংগ্ৰামী মঞ্চৰ ৰঙিয়া জিলা সমিতিৰ আহ্বানমৰ্মে অনুষ্ঠিত সভাখনত সাংসদ অজিত কুমাৰ ভূঞাই ৰাজ্যৰ বিৰোধী দল-সংগঠন একগোট নহ’লে বিজেপিক উৎখাত কৰিব পৰা নাযাব বুলি ব্যক্ত কৰে ৷ আনহাতে, এক বৃহৎ দল হিচাপে কংগ্ৰেছে যি ভূমিকা পালন কৰিব লাগিছিল সেয়া দেখা নগ’ল ৷ দলটোৰ কাম-কাজে সকলোকে হতাশ কৰিছে বুলিও ভূঞাই প্ৰকাশ কৰে ৷

সভাত উপস্থিত সাংসদ অজিত কুমাৰ ভূঞা

দলটোৰ অন্যতম নেত্ৰী মীৰা বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কয় যে, ৰাইজৰ উন্নয়ন স্থবিৰ কৰি আত্মসাৎ কৰা ধনেৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই চমক সৃষ্টি কৰিছে ৷ বুধবাৰে অনুষ্ঠিত উক্ত সভাত দলটোত যোগদান কৰে একাংশ লোকে ৷

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ মীৰা বৰঠাকুৰৰ

লগতে চাওকঃ অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে

Last Updated : Dec 30, 2020, 3:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.