বকো, 13 জুনঃ বৰলুইতৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত ৷ খহনীয়াত জাহ গৈছে শহস্ৰাধিক লোকৰ ঘৰ,মাটি ৷ সোণতলীৰ পানীখাইতী গাঁৱৰ কৃষিজীৱী লোকে এতিয়া নিজৰ সপোনৰ ঘৰখন ভাঙি আন স্থানলৈ যাবলৈ প্ৰস্তুতি চলাইছে ৷ ইয়াৰ পূৰ্বেও শহস্ৰাধিক লোকে প্ৰাণৰ শংকাত ঢাপলি মেলিছে নিৰাপদ স্থানলৈ ৷ কেইবা বছৰ ধৰি হৈ থকা ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত জাহ গৈছে সমষ্টিটোৰ 20 খনৰো অধিক গাঁও ৷
পানীখাইতীৰ পূৱ আৰু পশ্চিমে খহনীয়া প্ৰতিৰোধৰ কাম শেষ কৰিলে যদিও,মাজত মাথো দুই কিলোমিটাৰ স্থানত কাম নকৰাৰ বাবে ভয়ংকৰ হৈ পৰিছে নৈৰ খহনীয়া ৷ খহনীয়াৰ কবলত পৰা বৃহত্তৰ অঞ্চলটোৰ পৰিস্থিতিৰ বুজ ল'বলৈ শনিবাৰে উপস্থিত হয় উপ সংমণ্ডল বিষয়া দিপাংকৰ ৰয়ৰ লগতে সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য,মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদৰ লগতে কেইবাগৰাকীও ব্যক্তি ৷ উপ সংমণ্ডল বিষয়া গৰাকীয়ে শনিবাৰে বানে ভাবুকি কঢ়িয়াই অনা অঞ্চলটো পৰিদৰ্শন কৰি অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷