ETV Bharat / state

শিক্ষক নিযুক্তিৰ দাবীত ৰঙিয়াত দুই সংগঠনৰ প্ৰতিবাদ - জলসিঞ্চন বিভাগ

ৰঙিয়াত দুই সংগঠনৰ প্ৰতিবাদ ৷ চৰকাৰী বিদ্যালয়ত শিক্ষক নিযুক্তি আৰু আন্তঃগাঁথনি উন্নয়ন কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ প্ৰতিনিধিসকলে ৷

massive-protest-in-rangia
শিক্ষক নিযুক্তিৰ দাবীত ৰঙিয়াত দুই সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Dec 22, 2020, 3:37 PM IST

ৰঙিয়া, 22 ডিচেম্বৰ : মঙলবাৰে কামৰূপ জিলাৰ ৰঙিয়াত এছ এফ আই আৰু ডি ৱাই এফ আইয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷

massive-protest-in-rangia
শিক্ষক নিযুক্তিৰ দাবীত ৰঙিয়াত দুই সংগঠনৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, ৰঙিয়া মহকুমাত প্ৰায় 16 খন চৰকাৰী শিক্ষানুষ্ঠানত মুঠ 191 টা শিক্ষকৰ পদ খালী হৈ আছে ৷ যাক পূৰণ কৰাৰ ক্ষেত্ৰত দীৰ্ঘদিনে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আনকি, বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই শিক্ষা বিভাগে ৷

আনহাতে, শিক্ষা বিভাগে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা নাই অথচ ৰঙিয়া, হাজো আৰু কমলপুৰ সমষ্টিৰ ব্যক্তিগত খণ্ডৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন সমূহক প্ৰায় ডেৰ কোটি টকা মোকলাই দিয়া বুলি অভিযোগ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : পিডিপিৰ 3 জন সাংগঠনিক বিষয়াসহ 20 জনক নজৰবন্দী প্ৰশাসনৰ

ইফালে, জলসিঞ্চন বিভাগকে ধৰি অন্যান্য বিভাগৰ বিভিন্ন পদত নিযুক্তিৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ তুলি প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে ৷ লগতে, নিবনুৱা সমস্যাৰ বিষয়টো উত্থাপন কৰি কয় যে, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এইখন চৰকাৰ সম্পূৰ্ণ ব‍্যৰ্থ হোৱাৰ উপৰিও বিজেপি চৰকাৰে নিবনুৱাক প্ৰতাৰণা কৰিছে ।

উল্লেখ্য যে, গান্ধী মণ্ডপৰ সন্মুখত প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ন কৰাৰ পিচত প্ৰতিবাদকাৰী সকলে ৰঙিয়া নগৰৰ মাজেৰে এক সমদল উলিয়াই ।

লগতে পঢ়ক : জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন: জম্মু-কাশ্মীৰৰ প্ৰথমটো গণতান্ত্ৰিক অনুশীলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.