ৰঙিয়া/কলিয়াবৰ, 5 নৱেম্বৰ : দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে বৃহস্পতিবাৰে নিশা ৰাজ্যৰ দুটাকৈ স্থানত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড(Fire) ৷ ৰঙিয়াৰ শিৱ মন্দিৰ ৰোডৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসন্ন বৈশ্যৰ ভাড়াঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত কাপোৰৰ গুদামৰ লগতে কেইবাটাও ঘৰ ভষ্মীভূত হয় ৷
শ্বৰ্ট-চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে ৷ দেৱালীৰ ফটকাৰ পৰা জুই জ্বলি কেইবা কোটি টকাৰ সম্পত্তি বিনষ্ট হয় । ইফালে জুই বিয়পি যোৱাত কোঠাত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে ৰাইজে । আনহাতে দৌৰিও প্ৰাণ ৰক্ষা পৰে বহুলোকৰ ৷
![massive-fire](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13549574_hfghf.jpg)
খবৰ দিয়াৰ পাচতো ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন কিছু পলমকৈ উপস্থিত হোৱাৰ বাবে ৰাইজ উত্তেজিত হৈ পৰে । ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ সৈতে উত্তেজিত একাংশ ৰাইজে তৰ্ক-যুদ্ধতো লিপ্ত হয় । বহু চেষ্টাৰ অন্ততহে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় ।
আনহাতে, একেদিনাই কলিয়াবৰৰ অন্তৰ্গত জখলাবন্ধাৰ ৰাঙলুৰ পাহাৰগুৰি গাঁৱৰ এঘৰতো ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ এটা খেৰৰ মেজিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । খেৰৰ মেজিত লগা জুয়ে আগুৰি ধৰে বাসগৃহটোত ৷ ঘটনাস্থলীত কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ সদস্যসকলৰ ।
![massive-fire](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13549574_hfhffg.jpg)
অৱশ্যে অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানো জানিব পৰা হোৱা নাই । ছিটিকি অহা ফটকাৰ ফিৰিঙতিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : অভয়াপুৰীৰ দীপাৱলীত লাভলীনা