ৰঙিয়া, 21 অক্টোবৰ: দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল বৃহৎ পৰিমাণৰ গাঞ্জা ৷ ৰঙিয়াত দুৰ্ঘটনা সংঘটিত হোৱা এখন বাহনত আৰক্ষীয়ে উদ্ধাৰ কৰে কেইবা লক্ষাধিক টকা মূল্যৰ গাঞ্জা ৷ ৰঙিয়াৰ সমীপৰ চেপ্তি ৰেলগেটত দুৰ্ঘটনা সংঘটিত কৰা এখন বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে 90 কিলো গাঞ্জা । ৰেল গেটত দুৰ্ঘটনা সংঘটিত কৰি এৰি থৈ যোৱা AS 01 DR 9744 নম্বৰৰ চাৰিচকীয়া বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় 90 কেজি গাঞ্জা ।
ঘটনাৰ বিৱৰণী অনুসৰি এক নিশ্চিত খবৰৰ ভিত্তিত আৰক্ষীয়ে ৰঙিয়াৰ কেন্দুকোণাত এখন চাৰিচকীয়া বাহনত আপত্তিজনক সামগ্ৰী কঢ়িয়াই অনা বুলি অৱগত হয় । লগে লগে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত এক আৰক্ষীৰ দলে কেন্দুকোণাত উপস্থিত হয় ৷ আৰক্ষীক দেখিয়েই গাড়ীখন তীব্ৰগতিত পলায়ণ কৰিবলৈ চেষ্টা কৰে ।
ইয়াৰ পিচতে ৰঙিয়া চেপ্তি ৰেলগেটৰ সমীপত চালকে নিজে দুৰ্ঘটনা সংঘটিত কৰি গাড়ীখন ঘটনাস্থলীত এৰি পলায়ন কৰে । লগে লগে আৰক্ষী গৈ উপস্থিত হৈ পৰিত্যক্ত অৱস্থাত থকা গাড়ীখন জব্দ কৰাৰ লগতে চালক তথা গাড়ীখনত থকা অন্য ব্যক্তিৰ সন্ধানত অঞ্চলটোত সন্ধান চলায় ৷ অৱশ্যে ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।
ৰঙিয়া আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত তালাচী চলাই গাড়ীখনৰ ডিকিৰ পৰা 18 টাকৈ গাঞ্জাৰ পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উক্ত চাৰিচকীয়া বাহনখন ওদালগুৰিৰ পৰা কামৰূপ জিলাৰ বৰম্বয়লৈ গাঞ্জাসমূহ কঢ়িয়াই আনিছিল বুলি ৰঙিয়া আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।