ETV Bharat / state

অথন্তৰ: চৰকাৰী ম’বাইল ফোন পোৱাৰ পৰা বঞ্চিত হ’ব বহু শিক্ষাৰ্থী

বেংকৰ অৱহেলাৰ বাবে চৰকাৰী ম’বাইল ফোন পোৱাৰ পৰা বঞ্চিত হ’ব বহু ছাত্ৰ-ছাত্ৰী ৷ এই অভিযোগ কছাৰী মহল উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আৰু অভিভাৱকৰ ৷ যাৰ ফলত অসম গ্ৰামীণ বিকাশ বেংকৰ ৰঙিয়া শাখাৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

author img

By

Published : Aug 18, 2021, 4:13 PM IST

school mobile problem
চৰকাৰী ম’বাচৰকাৰী ম’বাইলৰ বাবে হাহাকাৰ ৰঙিয়াতইলৰ পৰা বঞ্চিত হ’ব বহু শিক্ষাৰ্থী

ৰঙিয়া,18 আগষ্ট: ৰাজ্যত ক’ভিড মহামাৰীৰে ধাৰণ কৰিছে ৰুদ্ৰ ৰূপ ৷ যাৰ ফলত ৰাজ্যৰ সকলো ক্ষেত্ৰয়েই হৈ আছে বন্ধ ৷ ক’ভিড মহামাৰীৰ ফলত জাৰি কৰা লক ডাউনত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ শিক্ষা বিভাগ ৷

অনলাইন পদ্ধতিৰে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ্থীসকলক শিক্ষাৰ ব্যৱস্থা কৰিছে যদিও বহু শিক্ষাৰ্থী বঞ্চিত হ’ব লগাত পৰিছে শিক্ষা গ্ৰহণৰ পৰা ৷ কিয়নো সকলো শিক্ষাৰ্থীৰ হাতত নাই স্মাৰ্ট ফোন ৷ যাৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰদান কৰিছে একোটাকৈ ম’বাইল ফোন যোগানৰ এক বিশেষ সুবিধা ৷ কিন্তু তাতো যেন এতিয়া লাগিছে কেনা ৷

কিয়নো ৰাজ্য চৰকাৰে শিক্ষাৰ্থী সকলক বেংক একাউন্টৰ জৰিয়তে দিব এক মাননি ৷ সেই মাননিৰে শিক্ষাৰ্থীয়ে ক্ৰয় কৰিব পাৰিব বৰ্তমান পাঠদানৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰা এচা স্মাৰ্ট ফোন ৷ কিন্তু একাংশ বেংকৰ অৱহেলাৰ বাবে চৰকাৰী ম’বাইলৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে বহু ছাত্ৰ-ছাত্ৰী ৷ এই অভিযোগ উত্থাপন কৰিছে স্বয়ং বিদ্যালয়ৰ শিক্ষকে ।

চৰকাৰী ম’বাইলৰ বাবে হাহাকাৰ ৰঙিয়াত

কিয়নো এতিয়াও বেংকে ছাত্ৰ-ছাত্ৰীৰ বাবে খুলি দিয়া নাই বেংক একাউণ্ট । যাৰ ফলত সৃষ্টি হৈছে হাহাকাৰৰ । অসম গ্ৰামীণ বিকাশ বেংকৰ ৰঙিয়া শাখাত হৈছে এনে ঘটনা । বেংকটোৱে 8 মাহৰ পিছতো একাউণ্ট খুলি নিদিয়াত সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা বিদ্যালয় কৰ্তৃপক্ষ ।

লগতে পঢ়ক: চাকৰি প্ৰত্যাশীসকলৰ বাবে প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ

কছাৰী মহল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ একাউণ্ট খোলাকলৈ বেংকটোৱে কৰা ল'ৰা-ধেমালিৰ বাবে ৰঙিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে, চৰকাৰে ৰাজ্যৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অনলাইন পাঠদানৰ কাৰণে একোটাকৈ ম’বাইল দিয়াৰ সিদ্ধান্ত লৈছিল । শেহতীয়া এক নিৰ্দেশ মৰ্মে বিদ্যালয় সমূহক ছাত্ৰ-ছাত্ৰীৰ বেংকৰ একাউণ্ট নম্বৰ জমা দিবলৈ কোৱা হৈছিল । কিন্তু বহু বিদ্যালয়ে এতিয়াও খুলিব পৰা নাই ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট ।

বেংকক ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ তথ্য দিয়াৰ পিছতো বেংকে খোলা নাই একাউণ্ট সমূহ । ইফালে চৰকাৰে একাউণ্টৰ নম্বৰ জমা দিয়াৰ সময় ১৯ আগষ্ট নিৰ্ধাৰণ কৰিছে । এই সন্দৰ্ভত ৰঙিয়া মহকুমা প্ৰশাসনকো অৱগত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । চৰকাৰে যোগান ধৰিব খোজা ম’বাইল আৰু অনলাইন প্ৰক্ৰিয়াৰে পাঠদানৰ পৰা যদি ছাত্ৰ-ছাত্ৰী সকল বঞ্চিত হয়, তেনে পৰিস্থিতিত অসম গ্ৰামীণ বিকাশ বেংকৰ ৰঙিয়া শাখা দায়ী হ’ব লাগিব বুলি কছাৰী মহল উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ লগতে স্থানীয় ৰাইজে সকীয়ানী প্ৰদান কৰিছে ৷

লগতে পঢ়ক: কাকপথাৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটি দুষ্প্ৰাপ্য পক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.