ETV Bharat / state

BJP slams Congress: বিৰোধীৰ পৰা সাম্প্ৰদায়িকতাৰ সংজ্ঞা লাগে আহ্বান মমিনুল আৱালক - BJP leader Mominul Awal

কংগ্ৰেছ দলৰ নামত আজি মাথো এটা কংকাল আছে বুলি মন্তব্য় বিজেপি নেতা মমিনুল আৱালৰ । কংগ্ৰেছ দলে নিজৰ দলটোৰ দুৰাৱস্থাৰ বাবে আনক জগৰীয়া কৰি লাভ নাই বুলি বিজেপি নেতাগৰাকীৰ কটাক্ষ ।

BJP leader Mominul Awal
বিজেপি নেতা মমিনুল আৱাল
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 8:12 PM IST

বিজেপি নেতা মমিনুল আৱাল

গুৱাহাটী, ৮ অক্টোবৰ: সাম্প্ৰদায়িকতা মানে কি ? বিৰোধী ৰাজনৈতিক দলৰ প্ৰতি এই প্ৰশ্ন বিজেপি নেতা মমিনুল আৱালৰ । কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা বিৰোধী ঐক্য মঞ্চই বিজেপিক সাম্প্ৰদায়িক ৰাজনৈতিক দল আখ্যা দি এই শ্ল'গানেৰে ৰাইজৰ ওচৰলৈ যোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই প্ৰশ্ন উত্থাপন কৰিছে বিজেপি নেতাগৰাকীয়ে ।

লগতে পঢ়ক:Amrit Kalash Yatra in Guwahati: বিজেপিৰ নহয়; চৰকাৰী কাৰ্যসূচী হে অমৃত কলহ যাত্ৰা ! দাবী মন্ত্ৰী পাটোৱাৰীৰ

বিজেপি নেতা মমিনুল আৱাল পুনৰ কয় যে বিজেপিৰ নেতৃত্বত চলি থকা চৰকাৰখনে অসমৰ ঐতিহ্য, পৰম্পৰা, কৃষ্টি-সংস্কৃতি আদিৰ হকে কাম কৰি আছে । চৰকাৰখনৰ এই কাম-কাজৰ বাবেই বিৰোধীয়ে বিজেপিক সাম্প্ৰদায়িক আখ্যা দিছে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে বিৰোধীয়ে প্ৰথমতে সাম্প্ৰদায়িকতাৰ সংজ্ঞাটো ৰাজহুৱা কৰক । কংগ্ৰেছ দলক সমালোচনা কৰি বিজেপি নেতা মমিনুল আৱালে কয় যে কংগ্ৰেছ দলত বহুত কেঁকোৰা আছে । আৰব সাগৰৰ কেঁকোৰা আছে, বংগোপ সাগৰৰ কেঁকোৰা আছে ।

লগতে পঢ়ক:Artificial Flood in Assam : কৃত্ৰিম বান ৰোধ কৰিবলৈ চৰকাৰৰ ওচৰত কোনো অস্ত্ৰ বা আঁচনি নাই; অশোক সিংহল

কংগ্ৰেছ দলে নিজৰ দলটোৰ দুৰাৱস্থাৰ বাবে আনক জগৰীয়া কৰি লাভ নাই বুলি সদৰী কৰি বিজেপি নেতা মমিনুল আৱালে কয় যে কংগ্ৰেছ দলত থকা কেঁকোৰা বোৰৰ বাবেই আজি দলটোৰ এই অৱস্থা । আজিৰ তাৰিখত কংগ্ৰেছ দল বুলি কোনো দল নাই বুলি কটাক্ষ কৰি তেওঁ কয় যে কংগ্ৰেছ দলৰ নামত আজি মাথো এটা কংকাল আছে । তেওঁ লগতে কয় যে, ২০২৪ৰ আগে আগে কংকালৰ জোৰাবোৰো নাথাকিব । ২০২৪ৰ নিৰ্বাচনলৈকে কংগ্ৰেছ দলটো নাথাকিব বুলি কটাক্ষ কৰি তেওঁ কয় যে কোনো বিৰোধী দলেই নাথাকিব আৰু বিজেপি দল নিজৰ লক্ষ্যত উপনীত হ'ব ।

লগতে পঢ়ক:Bilasipara congress protest against BJP : BJP য়ে ৰাহুল গান্ধীক ৰাৱণ আখ্যা দিয়াক কেন্দ্ৰ কৰি বিলাসীপাৰাত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.