ৰঙিয়া,১ জুলাই: গাড়ী চোৰৰ নতুন কৌশল। ৰঙিয়া ৰে'ল ষ্টেচনৰ সমীপৰ পৰা শুকুৰবাৰে গ্ৰাহকৰূপী তিনি দুৰ্বৃত্তই এখন বিলাসী বাহন চুৰি কৰি উধাও হয় । চুৰি হোৱা বাহনখন হৈছে AS-19-M-8515 নম্বৰৰ বগা ৰঙৰ চুইফ্ট ডিজায়াৰ। গাড়ীখনৰ চালক বঙাইগাঁও জিলাৰ ধালিগাঁৱৰ গণেশ মন্দিৰৰ সমীপৰ নিবাসী তথা নৃপেন চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে ।
বঙাইগাঁৱৰ পৰা ভাড়াত লৈ অহা গাড়ীখনৰ চালকক নিচাজাতীয় দ্ৰৱ্য খুৱাই অচেতন অৱস্থাত এৰি যায় দুৰ্বৃত্তই । ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে বঙাইগাঁৱৰ পৰা এজন গ্ৰাহকে চুইফ্ট ডিজায়াৰ বাহনখন ২৭ শ টকাত ভাড়া কৰিছিল । ভাড়া ঠিক হোৱাৰ পিছতেই গাড়ীসহ চালকজন ৰঙিয়া অভিমুখে ৰাওনা হৈছিল ।
সন্ধিয়া ৰঙিয়া ষ্টেচনত উপস্থিত হোৱাৰ পিছত আন দুজন সহযোগী গ্ৰাহকজনৰ সৈতে লগ হয় । তাৰ পিছতে গ্ৰাহকজনে ৰঙিয়াৰ ষ্টেচনত থকা শুভম হোটেলত ভাত খাবলৈ চালকজনক লগ ধৰে । লগে লগে চাৰিওজনে হোটেলখনৰ ১০৭ নং কোঠাত ভাত আৰু বিৰিয়ানি খায় । খোৱাৰ পিছতে অচেতন হৈ পৰে চালকজন । ইফালে গাড়ীখনৰ চালকজনৰ পৰিয়ালৰ লোকে শুকুৰবাৰ মাজ নিশালৈ কোনো খা-খবৰ নোপোৱাত আৰক্ষী আৰু আৰপিএফৰ কাষ চাপে ।
লগতে পঢ়ক: Revived village in Dhemaji:হেৰুৱা ঠিকনা বিচাৰি পাই আনন্দিত গাঁওবাসী
আৰক্ষী আৰু আৰপিএফে ততাতৈয়াকৈ তদন্ত আৰম্ভ কৰি মোবাইলৰ জিপিএছৰ সহায়ত অভিযান চলাই অচেতন অৱস্থাত শুভম হোটেলৰ ১০৭ নং কোঠালিত উদ্ধাৰ কৰে চালকজনক । আৰক্ষীয়ে চালকজনক ততাতৈয়াকৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে । সংজ্ঞা ঘূৰাই পোৱাৰ পিছত চালকজনে যাত্ৰীৰূপী তিনি দুৰ্বৃত্তই নিচা জাতীয় দ্ৰৱ্য খুৱাই গাড়ীখন চুৰি কৰি লৈ যায় বুলি জানিবলৈ দিয়ে । বৰ্তমান চালকজনৰ স্বাস্থ্য়ৰ অৱস্থা সুস্থিৰ বুলি জানিবপৰা গৈছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক: District Day celebrated in Barpeta: বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱস উদযাপন