ETV Bharat / state

বিজেপি চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক হাৰাশাস্তি কৰিছে: লুৰিণ - লুৰিণ

দেওবাৰে ৰঙিয়াত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদ(AJP) ৰ কামৰূপ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত বিজেপি (BJP) চৰকাৰক তীব্ৰ কটাক্ষ দলটোৰ সভাপতি লুৰিণজ্যেতি গগৈ (Lurinjyoti Gogoi)ৰ । শাসকীয় চৰকাৰখন সকলো দিশতে ব্যৰ্থ হোৱা বুলি সমালোচনা কৰে লুৰিণে ৷

চৰকাৰক কঠোৰ সমালোচনা লুৰিণজ্যোতি গগৈৰ
চৰকাৰক কঠোৰ সমালোচনা লুৰিণজ্যোতি গগৈৰ
author img

By

Published : Jul 12, 2021, 11:10 AM IST

ৰঙিয়া, 12 জুলাই : ৰঙিয়াত দেওবাৰে অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদ (AJP)ৰ কামৰূপ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি চৰকাৰক তুলা-ধূনা দিলে দলটোৰ সভাপতি লুৰিণজ্যেতি গগৈ (Lurinjyoti Gogoi)য়ে । জনগণৰ কল্যাণৰ হকে কথা কোৱা চৰকাৰখন সকলো দিশতে বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে লুৰিণে । সফলতাৰ ঢাক-ঢোল বজাবলৈ গৈ বিগত সময়ত দায়িত্বত থকা লোকসকলে 12/15 বছৰৰ বিফলতাৰ পৰিক্ৰমা আওৰাইছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ক কটাক্ষ কৰে লুৰিণজ্যোতি গগৈয়ে ৷

তেওঁ কয় যে, বিগত এমাহ ধৰি পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি ছাত্ৰ-ছাত্ৰীসকলৰ অন্যায় কৰা হৈছে ৷ এই চৰকাৰখনে ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে অত্যাচাৰ কৰা বুলিও গুৰুতৰ অভিযোগ তোলে লুৰিণে ৷ ইফালে বিধায়কৰ দায়িত্ব সন্দৰ্ভত নেতাগৰাকীয়ে কয় যে, ৰাইজে জনপ্ৰতিনিধি নিৰ্বাচন কৰি পঠিয়াইছে ৰাইজৰ সমস্যা সমাধান কৰিবলৈ ৷ সেয়েহে মুখ্যমন্ত্ৰীসহ একাংশ মন্ত্ৰীয়ে কথা-বতৰাত যাতে সাংবিধানিক মৰ্যদা অটুট ৰাখে, তাৰ বাবে আহ্বান জনায় ।

চৰকাৰক কঠোৰ সমালোচনা লুৰিণজ্যোতি গগৈৰ

অনাগত দিনত দলটোৱে পূৰ্বৰ ভুল-ত্ৰুটিসমূহ বিশ্লেষণ কৰি এক পেচাদাৰী মনোভাৱেৰে আৰু জাতীয়তাবাদী চিন্তাধাৰাৰে দলটোক আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব বুলিও সভাপতি লুৰিণে জানিবলৈ দিয়ে ।

ইয়াৰোপৰি বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লৈয়ে ভৱেশ কলিতা (Bhabesh Kalita)ই অসম জাতীয় পৰিষদক তুচ্ছ-তাচ্ছিল্য কৰা সন্দৰ্ভত দলটোৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা (Pabindra Deka)ই কয় যে, 1980 চনত বিজেপি (BJP) দলে মাত্ৰ এখন আসন লাভ কৰিছিল ৷ ভৱেশ কলিতা অজ্ঞ বাবে এনেধৰণৰ কথা কয় । ভৱেশ কলিতাই সেইবোৰ কথা মনত ৰখা ভাল । লগতে ভৱেশ কলিতাক ‘জ্ঞান শূন্য’ বুলি কটাক্ষ কৰে লুৰিণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক : ৰাজ্যত চলিছে মানৱ দেহৰ অংগৰ ভয়ংকৰ বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.