ETV Bharat / state

প্ৰেমত বাধা দিয়াৰ বাবেই যুৱতীক হত্যাৰ চেষ্টা চাংসাৰীত

author img

By

Published : Aug 26, 2021, 1:47 PM IST

ধেমাজি কাণ্ডৰ ভুক্তভোগী নন্দিতা শইকীয়াৰ মৃত্যুৰ কেইটামান ঘণ্টাৰ ভিতৰতে পুনৰ এগৰাকী যুৱতীক প্ৰাণে মৰাৰ ব্যৰ্থ চেষ্টা ৷

love violence case at changsari
যুৱতীক চোকা অস্ত্ৰৰে আক্ৰমণ যুৱকৰ

বাইহাটা, 26 আগষ্ট : ধেমাজিৰ মৰিঢল কলেজত কৰ্মৰত এজন যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই ৷ এই ঘটনাৰ 24 ঘণ্টা পাৰ নৌহওতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে কামৰূপৰ চাংসাৰীত ৷

ধেমাজি কাণ্ডৰ দৰে চাংসাৰীৰ ৰাজপথত এজন যুৱকে বুধবাৰে চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে এগৰাকী যুৱতীক ৷ আঘাতপ্ৰাপ্ত যুৱতীগৰাকীৰ নাম মনোৱাৰা বেগম ৷ মনোৱাৰা বেগমৰ ঘৰ দৰং জিলাৰ ভেৰভেৰীত ৷ এই ঘটনা সংঘটিত কৰিয়েই চাংসাৰী থানাত আত্মসমৰ্পণ কৰে অভিযুক্ত ইমৰাণ হুছেইন নামৰ যুৱকজনে ৷

ৰাজ্যত পুনৰ এক নন্দিতা কাণ্ড

ইমৰাণ হুছেইনৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মনোৱাৰা বেগমক আৰক্ষীৰ সহযোগত ভৰ্তি কৰোৱা হয় কামৰূপ জিলাৰ তোলাৰাম বাফনা হাস্পতালত ৷ কিন্তু মনোৱাৰা বেগমৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰৱৰ্তী সময়ত যুৱতীগৰাকীক নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসকে জনোৱা মতে, মনোৱাৰা বেগমৰ স্বাস্থ্য অতিকৈ সংকটজনক অৱস্থাত আছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত ইমৰাণ হুছেইন আৰু মনোৱাৰা বেগমৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক ৷ দুয়োৰে মাজত কিছু মতানৈক্য সৃষ্টি হোৱাত খৰ্গগ্ৰস্ত হৈ ইমৰাণে দাৰে ঘপিয়াই মনোৱাৰাক ৷ বৰ্তমান চাংসাৰী থানাতে ৰখা হৈছে অভিযুক্তক ৷

লগতে পঢ়ক: মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.