ETV Bharat / state

সাৱধান!! ৰঙিয়াত দিন-দুপৰতে দুৰ্বৃত্তই কাঢ়ি নিলে টকাৰ বেগ

শনিবাৰে আবেলি ৰঙিয়া চহৰৰ এম জি ৰোডত থকা SBI বেংকৰ পৰা আমিৰান নেছাই বেগ এটাত টকাখিনি উলিয়াই বেংকৰ সন্মুখলৈ ওলাই আহিছিল । পূৰ্বৰ পৰা অনুসৰণ কৰি থকা দুজনীয়া দুৰ্বৃত্তৰ দল এটাই পালচাৰ বাইকেৰে আহি টকাৰ বেগটো কাঢ়ি লৈ দ্ৰুতগতিত পলায়ন কৰে ৷

ৰঙিয়াত SBI ৰ সন্মুখৰ পৰা ধন লুট
author img

By

Published : Jun 15, 2019, 9:34 PM IST

ৰঙিয়া, 15 জুনঃ ৰঙিয়াত দিন দুপৰতে ধন লুট । SBI ৰ গ্ৰাহকৰ পৰা 1 লাখ 30 হাজাৰ টকা লুট কৰি উধাও হয় দুৰ্বৃত্তৰ দল ৷ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী ফিজনুৰ আলীৰ পত্নী আমিৰান নেছাৰ পৰা লুটি নিয়ে ধনখিনি । পুত্ৰৰ চিকিৎসা বাবে উলিয়াই আনিছিল টকাখিনি । ঘটনাটো সংঘটিত হৈছে ৰঙিয়া SBI ৰঙিয়া শাখাৰ সন্মুখত । ঘটনাকলৈ তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি অঞ্চলজুৰি । উল্লেখ্য যে, শনিবাৰে আবেলি ৰঙিয়া নগৰৰ এম জি ৰোডত থকা SBI বেংকৰ পৰা আমিৰান নেছাই বেগ এটাত টকাখিনি উলিয়াই বেংকৰ সন্মুখলৈ ওলাই আহিছিল । পূৰ্বৰ পৰা অনুসৰণ কৰি থকা দুজনীয়া দুৰ্বৃত্তৰ দল এটাই পালচাৰ বাইকেৰে আহি টকাৰ বেগটো কাঢ়ি লৈ দ্ৰুতগতিত পলায়ন কৰে । পুত্ৰৰ চিকিৎসাৰ বাবে উলিয়াই অনা টকাখিনি লৈ উধাও হোৱাত দুখত ভাগি পৰিছে পৰিয়ালটো । আনহাতে, ৰঙিয়াত প্ৰায়ে এনেধৰণৰ লুট-পাটৰ ঘটনা সংঘটিত হৈ আহিছে বুলি মন্তব্য কৰে স্থানীয় বাসিন্দাই । তাৰ পিছতো আৰক্ষীয়ে কোনো এজন দুৰ্বৃত্তকে আটক কৰিবলৈ সক্ষম হোৱা নাই বুলিও অভিযোগ উত্থাপন কৰে ।

Intro:বাইকেৰে আহি দুৰ্বৃত্তই কঢ়ি নিলে sbi বেঙ্কৰ গ্ৰাহকৰ ধনBody:ৰঙিয়াত দিন দুপৰতে সংঘটিত হল ধন লুটৰ ঘটনা । এজন গ্ৰাহকে SBI বেংকৰ পৰা উলিয়াই অনা ১ লাখ ৩০ হাজাৰ টকা লৈ উধাও হল দুৰ্বৃত্তৰ দল । জলসিঞ্চন বিভাগৰ কৰ্মচাৰী ফিজনুৰ আলীৰ পত্নী আমিৰান নেছাৰ পৰা এই ধনখিনি লুটি নিয়ে । পুত্ৰৰ চিকিৎসা বাবে উলিয়াই আনিছিল টকাখিনি । ঘটনাটো সংঘটিত হৈছে ৰঙিয়া SBI ৰঙিয়া শাখাৰ সন্মুখত । ঘটনাটোকলৈ তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে । শনিবাৰে আবেলি ৰঙিয়া নগৰৰ এম জি ৰোডত থকা SBI বেংকৰ পৰা আমিৰান নেছাই বেগ এটাত টকাখিনি উলিয়াই বেংকৰ সন্মুখলৈ ওলাই আহিছিল । পূৰ্বৰ পৰা অনুসৰণ কৰি থকা দুজনীয়া দুৰ্বৃত্তৰ দল এটাই পালচাৰ বাইকেৰে আহি টকাৰ বেগটো কাঢ়ি লৈ দ্ৰুতগতিত পলায়ন কৰে । পুত্ৰৰ চিকিৎসাৰ বাবে উলিয়াই অনা টকাখিনি লৈ উধাও হোৱাত দুখত ভাগি পৰিছে পৰিয়ালটো । উল্লেখ্য যে ৰঙিয়াত প্ৰায়ে এনেধৰণৰ লুট-পাটৰ ঘটনা সংঘটিত হৈ আহিছে । তাৰ পিছতো আৰক্ষীয়ে কোনো এজন দুৰ্বৃত্তকে আটক কৰিবলৈ সক্ষম হোৱা নাই ।

BITE : VictimConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.