ETV Bharat / state

শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ লাইখুঁটা স্থাপন

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 10:10 PM IST

ৰঙিয়াত স্থাপন কৰা হ’ল শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনৰ লাইখুঁটা ৷ সংঘৰ উপ পদাধিকাৰ চক্ৰধৰ সোণোৱালে লাইখুঁটা স্থাপন কৰে । উল্লেখ্য, ২০০০ চনত ৰঙিয়াত অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ।

Sankar Sangha rangia Adhiveshan
শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ লাইখুঁটা স্থাপন
শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ লাইখুঁটা স্থাপন

ৰঙিয়া, 19 নৱেম্বৰ : দেওবাৰে ৰঙিয়াত স্থাপন কৰা হ’ল শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনৰ লাইখুঁটা ৷ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু সংস্কৃতিক অনুষ্ঠানটোৰ অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় ৰঙিয়াৰ মৰানজানা ভৈয়ৰা সমন্বয় ক্ষেত্ৰত ।

এক মাংগলিক পৰিৱেশৰ মাজত অনুষ্ঠিত লাইখুঁটা স্থাপন অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে । ইয়াৰোপৰি বিভিন্ন সম্প্ৰদায়ৰ স্থানীয় ৰাইজেও উপস্থিত থাকি সহযোগিতা আগবঢ়ায় অনুষ্ঠানটোত ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰাৰ কথা আছিল যদিও পদাধিকাৰগৰাকীৰ সহধৰ্মিনীৰ মৃত্যু হোৱাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিল ৷ ডেকাৰ পৰিৱৰ্তে সংঘৰ উপ পদাধিকাৰ চক্ৰধৰ সোণোৱালে লাইখুঁটা স্থাপন কৰে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা অজস্ৰ লোকে লাইখুঁটা স্থাপন অনুষ্ঠানটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০০০ চনত ৰঙিয়াত অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন । 93 সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপনৰ পাচতে দেওবাৰে অনুষ্ঠিত হয় এখন ধৰ্মালোচনী সভা । সভাত ৰাজ্যৰ পৰ্যটন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, শংকৰদেৱ সংঘৰ উপ পদাধিকাৰ চক্ৰধৰ সোণোৱাল, সংঘৰ প্ৰাক্তন সম্পাদক বাবুল বৰাসহ বহু গণ্যমান্য লোক উপস্থিত থাকে ।

অধিৱেশনখন অধিৱেশনখন যাতে সাফল্যমণ্ডিত হয়, তাৰ আশাৰে সভাত বক্তব্য ৰখা প্ৰত্যেকগৰাকীয়েই বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷

লগতে পঢ়ক : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সহধৰ্মিনীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.