ETV Bharat / state

অনশন কাৰ্যসূচীৰে প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - land policy covtrovercy latest news

পুৱা ৯ বজাৰ পৰা ৭ ঘন্টীয়া অনশনত বহে দুয়োটা সংগঠনৰ কাৰ্যকৰ্তাই । অসম চৰকাৰে এই অসম বিৰোধী সিদ্ধান্ত অনতিপলমে বাতিল নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে ৰঙিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

Rangia
ৰঙিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
author img

By

Published : Jul 6, 2020, 4:29 PM IST

ৰঙিয়া, 6 জুলাইঃ ৰাজ্যৰ কেবাটাও প্ৰান্তৰ সমান্তৰালকৈ শাসনাধিষ্ঠিত চৰকাৰৰ বিৰোধিতাৰে প্ৰতিবাদত নামে ৰঙিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ চৰকাৰে অসমৰ ভূমি বহিৰাগতক দিয়া সিদ্ধান্তৰ বিৰোধিতাৰে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষিভূমি আৰু পৰিবেশ সংৰক্ষণ সমিতিয়ে ।

লগতে পঢ়কঃ লক ডাউন: মহানগৰীত এসপ্তাহৰ পিছত খুলিল গেলামাল দোকান

পুৱা ৯ বজাৰ পৰা ৭ ঘন্টীয়া অনশনত বহে দুয়োটা সংগঠনৰ কাৰ্যকৰ্তা । অসম চৰকাৰে এই অসম বিৰোধী সিদ্ধান্ত অনতিপলমে বাতিল নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে দুই সংগঠনৰ সদস্যসকলে । জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনে খিলঞ্জীয়া লোকক ভূমিহীন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.